Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত আয়োজিত বুদ্ধ জয়ন্তী উদযাপনত উপস্থিত প্ৰধানমন্ত্ৰী

নতুন দিল্লীত আয়োজিত বুদ্ধ জয়ন্তী উদযাপনত উপস্থিত প্ৰধানমন্ত্ৰী

নতুন দিল্লীত আয়োজিত বুদ্ধ জয়ন্তী উদযাপনত উপস্থিত প্ৰধানমন্ত্ৰী

নতুন দিল্লীত আয়োজিত বুদ্ধ জয়ন্তী উদযাপনত উপস্থিত প্ৰধানমন্ত্ৰী


বুদ্ধ জয়ন্তী উপলক্ষে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃদ্বাৰ ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী৷

এই অনুষ্ঠানতে তেওঁ সংঘ দানা আগবঢ়ায়৷ তেওঁ লগতে সাৰনাথৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হায়াৰ তিব্বতীয়ান ষ্টাডিজ আৰু বোধ গয়াৰ সৰ্বভাৰতীয় ভীক্ষু সংঘলৈ বৈশাখ সন্মান প্ৰশস্তি পত্ৰ আগবঢ়ায়৷

অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এক অনবদ্য ঐতিহ্যৰ ভড়াল য’ত মানৱজাতিৰ কল্যাণৰ চিন্তাই প্ৰধানতঃ স্থান লাভ কৰি আহিছে৷ তেওঁ কয় যে ভগৱান বুদ্ধৰ শিক্ষাই ভালেমান দেশক গঢ় দিছে৷ তেওঁ লগতে কয় যে ভাৰত কেতিয়াও প্ৰথমে আক্ৰমণকাৰী দেশ নহয়, সদায়েই শান্তিকামী এখন দেশ ভাৰত৷

প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধই দি যোৱা আঠটা পীঠ-নীতিৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে এই নীতি পাঠৰ যোগেদিয়েই আমি সমূখীন হৈ অহা বিভিন্ন সমস্যাৰ সমাধান লাভ কৰিবও পাৰি৷

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বুদ্ধৰ সেই প্ৰেমময় বাৰ্তাই আজিৰ সমাজক, আজিৰ বিশ্বক যথেষ্ট লাভৱান্বিত কৰিব পাৰে৷ সেয়ে, তেওঁ গুৰুত্বসহকাৰে কয় যে যিসকলে বুদ্ধত বিশ্বাসী তেওঁলোকে এই মহান কামৰ প্ৰতি তেওঁলোকৰ শক্তিক একত্ৰিত কৰিব লাগে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সেয়া ভগৱান বুদ্ধই দেখুৱাই যোৱা পথেৰেই চৰকাৰে দেশৰ জনসাধাৰণক সেৱা আগবঢ়াবৰ বাবে অহৰহ কাম কৰি আছে৷ তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে এক বিস্তাৰিত দৰ্শনেৰে কাম কৰি আছে, যাতে এই পৰিকল্পনাৰে ভগৱান বুদ্ধৰ সৈতে জড়িত সকলো শিল্প সংস্কৃতিকে ধৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰাজি সংৰক্ষণ কৰিব পাৰি৷ তেওঁ কয় যে ইতিমধ্যে বৌদ্ধ সমুদায়টোৰ বাবে ৩৬০ কোটি টকা আবণ্টন দিয়া হৈছে৷

২০২২ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিব, সেই আমোঘ সময়লৈ এক নৱ ভাৰত গঢ়াত সহায় কৰিবৰ বাবে অনুষ্ঠানত উপস্থিত জনতাক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ তেওঁ সকলোকে, নিজ নিজ কামবোৰ চিনাক্ত কৰি লৈ সেই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈও আহ্বান জনায়৷

***

AKT/SH/RD