Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীৰ লালকিল্লাৰ মাধৱ দাস পাৰ্কত দছেৰা উদযাপন অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ


নতুন দিল্লীৰ লালকিল্লাৰ মাধৱ দাস পাৰ্কত দছেৰা উদযাপন অনুষ্ঠানত উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

 বিজয়া দশমীৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।

 আমাৰ দেশত উৎসৱ হৈছে একপ্ৰকাৰৰ সামাজিক শিক্ষাৰ মাধ্যম। এই উৎসৱসমূহৰ সমান্তৰালভাৱে সমাজত সামূহিকতাৰ দিশে লৈ যোৱা, সমাজৰ প্ৰতি সংবেদনশীল হোৱা, মুল্যবোধৰ প্ৰতি অহৰ্নিশে মনত ৰখা আৰু সমাজৰ দোষ-ত্ৰুটীবোৰ দূৰ কৰাৰ প্ৰয়াস কৰা হয়; এইবোৰ পৰীক্ষাসদৃশ আমাৰ উৎসৱৰ পৰম্পৰা। আমাৰ উৎসৱবোৰ কৃষি-কৰ্মৰ সৈতে জড়িত, আমাৰ উৎসৱবোৰ নদ-নদীৰ সৈতে জড়িত, আমাৰ উৎসৱবোৰ ইতিহাসৰ সৈতে জড়িত, আমাৰ উৎসৱবোৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে জড়িত।

 হাজাৰ হাজাৰ বছৰ হৈ গ’ল, কিন্তু প্ৰভূ ৰাম, প্ৰভূ কৃষ্ণ-তেওঁলোকৰ কথাই আজিও সামাজিক জীৱন জাগ্ৰত কৰি আহিছে, প্ৰেৰণা দি আহিছে। আজি নৱৰাত্ৰীৰ পবিত্ৰ উৎসৱৰ পাছত ৰাৱণ দাহৰ পৰম্পৰা আছে। কিন্তু এগৰাকী নাগৰিক হোৱাৰ বাবেই সামাজিক জীৱনত এই যি ৰাৱণসদৃশ কু-প্ৰবৃত্তি আছে তাক বিনাশ কৰিবলৈ সমাজে সদায় জাগ্ৰত প্ৰয়াস কৰা দৰকাৰ।

 আৰু এইধৰণৰ উৎসৱবোৰ কেৱল মনোৰঞ্জন নহৈ, কিবা নতুন কৰিব লাগে। এনে উৎসৱত কিবা এটা কৰাৰ সংকল্প ল’ব লাগে। এই কথা কোনেও কল্পনা কৰিব নোৱাৰে যে অযোধ্যাত পিন্ধা কাপোৰকে পিন্ধি ওলাই যোৱা ৰামে সমগ্ৰ ৰাস্তাত গৈ থাকোতে এনে সংগঠিত শক্তি গঠন কৰিলে যে শ্ৰীলংকা বিজয়ত সমাজৰ সকলো স্তৰৰ লোককে তেওঁৰ সৈতে জড়িত কৰিলে। মানুহো জড়িত হ’ল, বান্দৰো জড়িত হ’ল, প্ৰকৃতিয়েও তেওঁক সহযোগ কৰিলে। সামূহিক শক্তি কিমান অদ্ভূত শক্তি, সেয়েহে প্ৰভূ ৰামচন্দ্ৰই ইমান বৃহৎ সামৰ্থ্য নিজৰ সৈতে জড়িত কৰিছিল। বিজয়ৰ পাছতো তেওঁ সেই একেই বিনম্ৰতাৰে জন-সমাজৰ নামত নিজকে অৰ্পন কৰিলে।

 একেদৰে আজি বিজয়া দশমী উপলক্ষে আমিও সংকল্প লওঁ যে ২০২২ চনত যেতিয়া ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি পালন কৰিব; আমিও কিবা এটা সংকল্প লওঁ, আমি কিবা এটা কৰাৰ পথ বিচাৰি উলিয়াও আৰু ২০২২ৰ ভিতৰত এগৰাকী নাগৰিক হোৱাৰ বাবে দেশৰ প্ৰতি কিবা নহয় কিবা এটা ইতিবাচক বৰঙণি আগবঢ়াও। আমি ২০২২ চন, স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিত যিসকল মহাপুৰুষে আমাক স্বাধীনতা দিলে, তেওঁলোকে ভবাৰ দৰে গঢ় দিও আৰু সেইবাবে প্ৰভূ ৰামৰ দৰে আমিও কোনো ধৰণৰ সংকল্প লোৱাৰ ব্ৰত লৈ আগবাঢ়ো, এয়াই আপোনালোকৰ প্ৰতি মোৰ বহুত বহুত শুভকামনা। পুনৰ বাৰ আপোনালোক সকলোকে বিজয়া দশমীৰ বহুত বহুত শুভকামনা জনালোঁ।

****

অতুল তিৱাৰী/নদীম তাফেল/নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী