পি এম ইণ্ডিয়া
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত প্রতিষ্ঠানগত মধ্যস্থতাকাৰী ব্যৱস্থাৰ বাবে এটি নিৰপেক্ষ আৰু স্বায়ত্তশাসিত সংস্থা গঠন কৰাৰ লক্ষ্যৰে নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰী কেন্দ্ৰ অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত অনুমোদন জনোৱা হৈছে।
লাভালাভঃ
ইয়াৰ ফলত ভাৰতক প্রতিষ্ঠানগত মধ্যস্থতাকাৰী ব্যৱস্থাৰ এটি হাব হিচাপে গঢ়ি তুলিব পৰা যাব৷
উদ্দেশ্যঃ
এনডিআইএচিৰ গঠনৰ উদ্দেশ্যসমূহ হৈছেঃ
(ক) আন্তঃৰাষ্ট্ৰীয় আৰু আভ্যন্তৰীণ ক্ষেত্রত মধ্যস্থতাৰ ব্যৱস্থা পৰিচালনাৰ কৰাৰ বাবে এটি প্ৰধান কেন্দ্ৰ হিচাপে ইয়াক আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে৷
(খ) তদুপৰি, আলোচনা, মীমাংসা আৰু মধ্যস্থতাৰ জৰিয়তে উদ্যোগ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্ৰশাসনিক সহায়ৰ লগতে সুযোগ–সুবিধা প্ৰদান কৰা হ’ব৷
(গ) এই উদ্দেশ্যে তালিকাভুক্ত মধ্যস্থতাকাৰী, আলোচনা–মধ্যস্থতাকাৰীসকলক লৈ এটি পেচাদাৰী পেনেল গঠন কৰা হ’ব৷
(ঘ) আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত মধ্যস্থতাৰ বাবে সুলভ আৰু সময়সাপেক্ষে কাম চলোৱাৰ ব্যৱস্থা কৰিব পৰা যাব৷
মুল বৈশিষ্ট্যসমূহঃ
. *****
AKT/SH/BD