Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

“নাগৰিকদেৱো ভৱ”ৰ মনোভাবেৰে অনুপ্ৰাণিত “সেৱা তীৰ্থ” ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

“নাগৰিকদেৱো ভৱ”ৰ মনোভাবেৰে অনুপ্ৰাণিত “সেৱা তীৰ্থ” ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰি ভাৰতৰ জনসাধাৰণৰ সেৱাৰ অদম্য সংকল্প দোহাৰি ‘নাগৰিকদেৱো ভৱ’ৰ পৱিত্ৰ মনোভাৱক ইয়াৰ পথ প্ৰদৰ্শক শক্তি বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে সেৱা তীৰ্থৰ নিষ্ঠাই জনসেৱা আৰু নাগৰিকৰ কল্যাণৰ প্ৰতি গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘সেৱা তীৰ্থ’ ভাৰত প্ৰথম নীতিৰ প্ৰতি কৰ্তব্য, সহমৰ্মিতা আৰু দায়বদ্ধতাৰ এক উজ্জ্বল তথা শক্তিশালী প্ৰতীক।

তেওঁ আশা প্ৰকাশ কৰে যে ই সকলোৰে কল্যাণৰ বাবে নিস্বাৰ্থ সেৱা আৰু অক্লান্ত নিষ্ঠাৰ পথ অনুসৰণ কৰিবলৈ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু প্ৰতিজন নাগৰিকৰ মংগলৰ বাবে সমৰ্পিত মনোভাবেৰে অগ্ৰসৰ হবলৈ জনসাধাৰণক প্ৰেৰণা যোগাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;

“ভাৰতবাসীৰ সেৱাৰ প্ৰতি অদম্য সংকল্প আৰু নাগৰিকদেৱো ভৱৰ পবিত্ৰ মনোভাবেৰে পৰিচালিত সেৱা তীৰ্থ ৰাষ্ট্ৰৰ প্ৰতি বিনম্ৰতাৰে উৎসৰ্গা কৰা হল।”

সেৱা তীৰ্থ সদায় কৰ্তব্য, সহমৰ্মিতা আৰু ভাৰত প্ৰথম নীতিৰ প্ৰতি দায়বদ্ধতাৰ উজ্জ্বল প্ৰতীক হৈ ৰওক। সকলোৰে কল্যাণৰ বাবে নিস্বাৰ্থ সেৱা আৰু অক্লান্ত নিষ্ঠাৰ পথ অনুসৰণ কৰিবলৈ ই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰক।”

************

 

MJPS/ST/KD