Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাৱিকা সাগৰ পৰিক্ৰমা মহিলা বিষয়াৰ প্ৰতি শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ; নৰেন্দ্ৰ মোদী এপত শুভেচ্ছা আগবঢ়াবলৈ দেশবাসীক আহ্বান


নাৱিকা সাগৰ পৰিক্ৰমা মহিলা বিষয়াৰ প্ৰতি শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ; নৰেন্দ্ৰ মোদী এপত শুভেচ্ছা আগবঢ়াবলৈ দেশবাসীক আহ্বান

আইএনএছ তাৰিণীৰ জৰিয়তে বিশ্ব ভ্ৰমণ কৰিবলৈ ওলোৱা নাৱিকা সাগৰ পৰিক্ৰমাৰ ৬গৰাকী মহিলা বিষয়াক আজি শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে লগতে দেশবাসীক দলটোৰ প্ৰতি শুভেচ্ছা জনাই নৰেন্দ্ৰ মোদীৰ এপত তেওঁলোকৰ শুভেচ্ছাবাণী আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয়, “আজি এইটো বিশেষ দিন। ৬গৰাকী মহিলা নাবিকে আইএনএছভি তাৰিণীৰ সহায়ত বিশ্ব ভ্ৰমণৰ যাত্ৰা আৰম্ভ কৰিব।

নাৱিকা সাগৰ পৰিক্ৰমাৰ মহিলা দলটোৰ এই স্মৰণীয় মুহূৰ্তত শুভেচ্ছা জনাবলৈ সমগ্ৰ দেশেই আগবাঢ়ি আহিছে।

আপোনালোকে নাৱিকা সাগৰ পৰিক্ৰমাৰ মহিলা দলটোৰ প্ৰতি নিজৰ শুভেচ্ছাবাণী আৰু প্ৰেৰণামুলক মন্তব্য নৰেন্দ্ৰ মোদী এপত আগবঢ়াওক।

কেৱল মহিলা নাৱিকৰ দ্বাৰা বিশ্ব ভ্ৰমণ কৰিব লগীয়া এয়াই হৈছে দেশৰ প্ৰথমটো যাত্ৰা। চলিত মাহৰ শেষভাগত গোৱাৰ পৰা সমুদ্ৰযাত্ৰা আৰম্ভ কৰিবলগীয়া মহিলা নাবিকা দলটোৱে ২০১৮ ৰ মাৰ্চ মাহত যাত্ৰা সম্পূৰ্ণ কৰিব। এই অভিযানক নাবিকা সাগৰ পৰিক্ৰমা নামেৰে নামকৰণ কৰা হৈছে। পাঁচটা পৰ্যায়ত সম্পন্ন হ’ব লগা এই পৰিক্ৰমাত চাৰিটা বন্দৰত যাত্ৰা বিৰতি ঘটোৱা হ’ব। সেই কেইটা হৈছে-ফ্ৰিমাণ্টেল(অষ্ট্ৰেলিয়া), লিটলটন (নিউজিলেণ্ড), পোর্টষ্টেনলি (ফকলেণ্ড) আৰু কেপটাউন (দক্ষিণ আফ্রিকা)|

*****

AKT/NT/DB