পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে আজি চিইঅ’ আৰু ব্যৱসায়িক নেতৃবৰ্গৰ নিৰ্বাচিত গোটৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু নিউজিলেণ্ড অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি সন্মান, বৈচিত্ৰ্য আৰু বহনক্ষম উন্নয়নৰ বাবে এক উমৈহতীয়া দায়বদ্ধতাৰ দ্বাৰা আবদ্ধ, যিয়ে এক উচ্চাকাংক্ষী আৰু অগ্ৰগামী অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী ভেটি প্ৰদান কৰে। তেওঁ ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক এক মাইলৰ খুঁটি হিচাপে বৰ্ণনা কৰে যিয়ে দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্কত গভীৰতা আৰু গতিশীলতা যোগ দিব আৰু বজাৰ প্ৰৱেশাধিকাৰ, বিনিয়োগ, সেৱা, প্ৰযুক্তি আৰু প্ৰতিভাৰ গতিশীলতাৰ বাবে নতুন সুযোগ মুকলি কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ দীৰ্ঘস্থায়ী উচ্চ বিকাশৰ লগতে যুৱ আৰু দক্ষ কৰ্মশক্তি, মধ্যবিত্ত শ্ৰেণীৰ সম্প্ৰসাৰণ, ডিজিটেল বিপ্লৱ, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ প্ৰসাৰ তথা অব্যাহত অৰ্থনৈতিক সংস্কাৰে নিউজিলেণ্ডৰ কোম্পানীসমূহৰ বাবে বাণিজ্য, বিনিয়োগ আৰু উদ্ভাৱনৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে ৰাজনৈতিক সুস্থিৰতা আৰু বহনক্ষম বিকাশৰ পথে ভাৰতক বিশ্বৰ বিকাশত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী হিচাপে স্থান দিছে। তেওঁ নিউজিলেণ্ডৰ বিনিয়োগকাৰী আৰু ব্যৱসায়িক সংস্থাসমূহক আন্তঃগাঁথনি উন্নয়ন, অসামৰিক বিমান পৰিবহণ, লজিষ্টিক, পৰিষ্কাৰ শক্তি, নগৰীয়া গতিশীলতা, পানী ব্যৱস্থাপনা, আৱৰ্জনা ব্যৱস্থাপনা আৰু ডিজিটেল অৰ্থনীতি খণ্ডত ভাৰতৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনায়। ভাৰতৰ স্পন্দনশীল ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰৰ বিষয়ে উল্লেখ কৰি তেওঁ উদ্ভাৱন, ফিনটেক আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ ব্যক্তিগত খণ্ডৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ বাবে আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে দুগ্ধ বিজ্ঞান, উদ্যানবিদ্যা আৰু বনবিদ্যাৰ ক্ষেত্ৰত নিউজিলেণ্ডৰ শক্তি আৰু ভাৰতৰ উপভোক্তা বজাৰ, খাদ্য উদ্যান তথা কৃষি-প্ৰযুক্তিৰ প্ৰতিভা বিশ্বব্যাপী খাদ্য মূল্যশৃংখল সৃষ্টি কৰিবলৈ একত্ৰিত হোৱা উচিত।
প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱসায়সমূহক বিনিয়োগ আৰু বাণিজ্যিক অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰিবলৈ উৎসাহিত কৰে আৰু ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৭ বিলিয়ন এন জেড ডি (প্ৰায় ৩৫,০০০ কোটি টকা) লৈ দুগুণ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ সহায় কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত-নিউজিলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্ব অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম বাণিজ্যৰ বাবে এক আদৰ্শ আৰু উদ্ভাৱন তথা সমৃদ্ধিৰ বাবে এখন মঞ্চ হ’ব পাৰে।
***
MJPS/SS/ST/MK
A stronger economic partnership between India and New Zealand will create new opportunities for businesses, innovators and our youth. Delighted to interact with industry leaders in Auckland.@chrisluxonmp
— Narendra Modi (@narendramodi) July 11, 2026
https://t.co/Zlkc3VYcDa
भारत और न्यूज़ीलैंड के संबंध एक turning point पर हैं।
— PMO India (@PMOIndia) July 11, 2026
आज हम अपने संबंधों को Strategic Partnership के सूत्र में बांध रहे हैं।
यह केवल एक diplomatic milestone नहीं है। यह हमारे साझा भविष्य का एक नया संकल्प है: PM @narendramodi
इस वर्ष दोनों देशों के बीच 9 महीनों के record समय में Free Trade Agreement किया गया।
— PMO India (@PMOIndia) July 11, 2026
यह आप सभी के लिए market access, investment, services, technology और talent mobility के नए अवसर लेकर आएगा: PM @narendramodi
India is not only a market; India is a launchpad for global growth: PM @narendramodi
— PMO India (@PMOIndia) July 11, 2026
न्यूज़ीलैंड के पास horticulture, dairy science, और forestry में विशाल expertise है।
— PMO India (@PMOIndia) July 11, 2026
भारत के पास consumer market, food parks और agri-tech talent की ताकत है।
हम मिलकर farm-to-market value chains और global export platforms बना सकते हैं: PM @narendramodi