পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডৰ চৰকাৰী ভৱনত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে সাক্ষাৎ কৰে। চৰকাৰী ভৱনত উপস্থিত হোৱাৰ লগে লগে তেওঁক পৰম্পৰাগত মাউৰি পদ্ধতিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শান্তি, সন্মান আৰু আদৰণিৰ প্ৰতীক হিচাপে পৰম্পৰাগত মাওৰি ৰীতি-নীতি অন্তৰ্ভুক্ত আছিল। পৰম্পৰাগত আদৰণিৰ পাছত প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সীমিত আৰু প্ৰতিনিধি পৰ্যায়ৰ ফৰ্মেটত ব্যাপক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰে। তেওঁলোকৰ আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, কৃষি-প্ৰযুক্তি, ক্ৰীড়া, শিক্ষা, পৰ্যটন, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা হয়। তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিবলৈ সন্মত হয়, যি ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্কত এক নতুন অধ্যায় চিহ্নিত কৰিছে। তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। দুয়োগৰাকী নেতাই ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিৰ শীঘ্ৰে ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। নেতাদ্বয়ে আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰত মতামত বিনিময় কৰে আৰু বহুপাক্ষিক মঞ্চত সহযোগিতা শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি দোহাৰে।
আলোচনাৰ পাছতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষা, জলবিদ্যুৎ, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ, পৰ্যটন, সামুদ্ৰিক ঐতিহ্য, সংস্কৃতি, খাদ্য প্ৰযুক্তি আৰু মহাসাগৰ গৱেষণাৰ ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তিপত্ৰৰ আদান-প্ৰদান কৰে। ফলাফলৰ তালিকাখন ইয়াত চাব পাৰিব [link]। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে আগবাঢ়ি যোৱাৰ পথ সন্দৰ্ভত এক যুটীয়া বিবৃতিও গ্ৰহণ কৰে।[Link].
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লাক্সনক তেওঁৰ আন্তৰিকতা আৰু আতিথ্যৰ বাবে ধন্যবাদ জনায় আৰু তেওঁক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
***
MJPS/SS/ST/MK
Held extensive and fruitful talks with PM Luxon in Auckland this morning. His own visit to India last year energised our bilateral partnership and my visit today, the first by an Indian Prime Minister in 4 decades, has added further momentum to the India-New Zealand friendship.… pic.twitter.com/W8bpOfAeeE
— Narendra Modi (@narendramodi) July 11, 2026
The areas which were prominently covered in the talks with PM Luxon include trade, technology and investment linkages. We have also developed a strong framework for cooperation in agriculture, dairy and food processing. Equally important is the emphasis on healthcare and… pic.twitter.com/4iHqYUyR8R
— Narendra Modi (@narendramodi) July 11, 2026
PM Luxon and I firmly believe that the greatest strength of our relationship lies in our people-to-people ties. In that spirit, we will enhance cooperation in education, sports, culture, heritage and creative industries.
— Narendra Modi (@narendramodi) July 11, 2026
At the India-New Zealand business event in Auckland, which I attended with PM Luxon, I told business leaders:
— Narendra Modi (@narendramodi) July 11, 2026
India is not only a market.
India is a launchpad for global growth.
Together, let us take this economic partnership to new heights!@chrisluxonmp pic.twitter.com/8M53Lx47zh
This has been a great year for the India-New Zealand partnership. Earlier this year, our nations concluded a Free Trade Agreement in record time and now, we have elevated our ties to a Strategic Partnership. Next up, we wish to double bilateral trade by 2030! https://t.co/IyR5qpUt2X
— Narendra Modi (@narendramodi) July 11, 2026