Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছুৰিনামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত কেবিনেট বৈঠকত নিৰ্বাচন পদ্ধতিৰ প্ৰতিষ্ঠানগত আৰু কাৰিকৰী দিশৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়; তথ্যৰ বিনিময়ত সমৰ্থন, প্ৰতিষ্ঠানিক সামৰ্থ্য আৰু দক্ষতা বিকাশ, ব্যক্তিসকলৰ প্ৰশিক্ষণ, নিয়মীয়া আলোচনা ইত্যাদি নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছুৰিনামৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়।

এই বুজাবুজি চুক্তিয়ে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা, ছুৰিনামৰ নিৰ্বাচনী ব্যৱস্থাপনা আৰু প্ৰশাসনৰ ক্ষেত্ৰত কাৰিকৰী সহায়/সক্ষমতা গঢ়ি তোলাত উদ্গনি যোগাব।

***

AKT/VBA/SH/DB