Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেচনেল কেডেট ক’ৰ্পছ সমদলত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ


কেবিনেটৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিং মহোদয়, শ্ৰীপদ যশো নাইক মহোদয়, প্ৰতিৰক্ষা বাহিনীৰ মুখ্য জেনেৰেল বিপিন ৰাৱট মহোদয়, তিনিওটা সেনাবাহিনীৰ উচ্চ পদাধিকাৰীগণ, প্ৰতিৰক্ষা সচিব, নেচনেল কেডেট কৰ্পছৰ সঞ্চালক প্ৰধান, মিত্ৰ দেশৰ আমাৰ অতিথিসকল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা এনচিচিৰ মোৰ যুৱ বন্ধুসকল৷

     পোন প্ৰথমে মই আপোনালোক সকলোকে এই কাৰ্যসূচীৰ বাবে অশেষ অভিনন্দন জনাইছো৷ গণতন্ত্ৰ দিৱসৰ পেৰেডত আৰু আজিৰ এই আটকধুনীয়া প্ৰদৰ্শনৰ সৈতে আপোনালোকে দেশৰ বাবে যি কাম কৰিছে, সেয়া লাগিলে সমাজ সেৱাই হওক অথবা ক্ৰীড়া, আপোনালোকে যি উপলব্ধি লাভ কৰিছে, সেয়া অতিশয় প্ৰশংসনীয়৷ আজি ইয়াত যিসকল বন্ধুৱে পুৰস্কাৰ লাভ কৰিছে, তেওঁলোকক অশেষ অভিনন্দন জনাইছো, শুভকামনা জনাইছো৷ যুৱ বিনিময় কাৰ্যসূচীৰ অধীনত আমাৰ চুবুৰীয়া দেশ, আমাৰ মিত্ৰ দেশৰ অনেক কেডেটো ইয়াত উপস্থিত আছেহি৷ মই তেওঁলোককো অভিবাদন জনাইছো৷

     বন্ধুসকল, এনচিচিয়ে দেশৰ যুৱশক্তিৰ মাজত নিয়মানুৱৰ্তিতা, সিদ্ধান্ত গ্ৰহণ আৰু দেশৰ প্ৰতি সমৰ্পণৰ ভাৱনা শক্তিশালী কৰে৷ এই ভাৱনাসমূহ দেশৰ বিকাশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হয়৷ যি দেশৰ যুৱসমাজ অনুশাসিত হয়, দৃঢ় ইচ্ছাশক্তিসম্পন্ন হয়, নিষ্ঠাপূৰ্ণ হয়, সেই দেশৰ বিকাশৰ দ্ৰুত গতিক কোনেও অৱৰোধ কৰিব নোৱাৰে৷

     বন্ধুসকল, আজি বিশ্বত আমাৰ দেশ যুৱসমাজৰ দেশ হিচাপে পৰিচিত৷ দেশৰ ৬৫%ত কৈও অধিক লোক ৩৫ বৰ্ষৰ নিম্ন বয়সৰ৷ আমাৰ দেশ তৰুণ, ইয়াক লৈ আমি গৌৰৱ কৰো কিন্তু দেশৰ চিন্তাধাৰাও যাতে তৰুণ হয়, সেয়া আমাৰ দায়িত্ব হোৱা উচিত৷ আৰু তৰুণ চিন্তাধাৰাৰ অৰ্থ কি? যিসকল লোক ভাগৰুৱা হয় তেওঁলোকৰ চিন্তা কৰাৰ সামৰ্থও নাথাকে আৰু দেশৰ বাবে কিবা এটা কৰাৰ উদ্দীপনাও নাথাকে৷ তেওঁলোকে কেনেধৰণৰ কথা কয় আপোনালোকে লক্ষ্য কৰিছে নে?

ভাই, অলপ মিলাই লোৱা না!!!

ভাই, এতিয়া অলপ সময় উলিয়াই লোৱা না!!!

আগলৈ দেখা যাব!!!

ইমান লৰালৰি কিহ, এতিয়া থোৱা, কাইলৈ দেখা যাব!!!

     বন্ধুসকল, যিসকল লোক এই প্ৰবৃত্তিৰ হয় তেওঁলোকৰ বাবে কাইলৈকেতিয়াও নাহে৷ এনে লোকে কেৱল স্বাৰ্থ দেখা পায়৷ নিজৰ স্বাৰ্থ৷ আপোনালোকে এনে লোকেই অধিক দেখা পাব৷ এই স্থিতিক মোৰ আজিৰ যুৱ ভাৰত, মোৰ ভাৰতৰ যুৱসমাজে স্বীকাৰ কৰিবলৈ প্ৰস্তুত নহয়৷ স্বতন্ত্ৰতাৰ ইমান বৰ্ষৰ পিছতো এনেকৈ কিমান দিন চলিব ইয়াকে লৈ তেওঁলোক অধীৰ হৈ পৰিছে৷ কেতিয়ালৈ আমি পুৰণি দুৰ্বলতাসমূহ খামুচি বহি থাকিম? তেওঁলোকে বাহিৰলৈ গৈ সমগ্ৰ বিশ্ব প্ৰত্যক্ষ কৰি আহে আৰু পুনৰ ভাৰতলৈ উভটি আহি দশক পুৰণি সমস্যাসমূহ দেখিবলৈ পায়৷ তেওঁলোকে এই সমস্যাৰ চিকাৰ হোৱাটো নিবিচাৰে৷ তেওঁলোকে দেশ পৰিৱৰ্তন কৰিবলৈ বিচাৰে, স্থিতিসমূহ পৰিৱৰ্তন কৰিবলৈ বিচাৰে৷ আৰু সেয়ে তেওঁলোকে নিশ্চিত কৰিছে যে সমস্যাসমূহ পিছলৈ থেলি থকা নহ, এতিয়া সন্মুখীন হব লাগিব, সমাধান কৰিব লাগিব৷ এয়াই হল তৰুণ চিন্তা, এয়াই তৰুণ মন আৰু এয়াই হল তৰুণ ভাৰত৷ এই যুৱ ভাৰতেই দেশক অতীতৰ ৰোগসমূহৰ পৰা মুক্ত কৰাটোৱেই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি ঘোষণা কৰিছে৷ এই যুৱ ভাৰতেই কৈছে যে দেশক সংশোধন কৰি, ইয়াৰ ভেঁটি মজবুত কৰি দ্ৰুত গতিৰে বিকশিত হব লাগে আৰু এই যুৱ ভাৰতেই কৈছে যে দেশৰ প্ৰতিটো সিদ্ধান্ত আগন্তুক প্ৰজন্মৰ উজ্বল ভৱিষ্যতৰ আশ্বাস হব লাগে৷ অতীতৰ প্ৰত্যাহ্বানসমূহ, বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ আৰু ভৱিষ্যতৰ আকাংক্ষাসমূহৰ প্ৰতি ধ্যান ৰাখি তিনিওটা স্তৰতে আমি একত্ৰিতভাৱে কাম কৰিব লাগিব৷

     বন্ধুসকল, আপোনালোকে এনচিচিৰ সৈতে জড়িত হোৱাৰ পিছত ইমান পৰিশ্ৰম কৰে, লৈ মাতে তালৈ গুচি যায়, পঢ়াৰ সৈতে ঘণ্টাজুৰি ড্ৰিলঅনুশীলন, সকলো একে সময়তে চলি থাকে৷ আপোনালোকৰ ভিতৰত পঢ়াৰ লগতে দেশৰ বাবে কাম কৰাৰো উৎসাহ আছে৷ আৰু বাহিৰত কি স্থিতি দেখা পাওঁ? ৰবাত সন্ত্ৰাসবাদৰ আক্ৰমণ হ, নিৰ্দোষ লোক নিহত হল৷ কৰবাত নক্সালমাওবাদীয়ে সুৰংগ বোমাৰে উৰুৱাই দিলে, জোৱান নিহত হল৷ কেতিয়াবা বিচ্ছিন্নতাবাদীসকলে ভাষণ দিলে, ৰবাত ভাৰতৰ বিৰুদ্ধে বিষবাষ্প বিয়পালে, কেতিয়াবা ত্ৰিৰংগাক অপমান কৰিলে৷ এই স্থিতিসমূহ স্বীকাৰ কৰি লোৱাৰ বাবে আমি প্ৰস্তুত নহয়, যুৱ ভাৰত প্ৰস্তুত নহয়, নতুন ভাৰত প্ৰস্তুত নহয়৷

     বন্ধুসকল, কেতিয়াবা কেতিয়াবা কোনো ৰোগ দীৰ্ঘসময়লৈ নিৰাময় নহলে ই শৰীৰৰ অংশ হৈ পৰে৷ আমাৰ ৰাষ্ট্ৰ জীৱনতো এনে হৈছে৷ এনেকুৱা অনেক ৰোগে দেশক ইমান দুৰ্বল কৰি তুলিছে যে অধিকাংশ শক্তি ইয়াৰ সৈতে মোকাবিলা কৰোঁতেই ব্যয় হয়৷ এয়া কিমান দিনলৈ চলিব? আৰু কিমান বছৰলৈ আমি এই ৰোগৰ বোজা কঢ়িয়াই ফুৰিম? আৰু কিমান বছৰলৈ ইয়াক আওকাণ কৰি থাকিম? আপোনালোকে চিন্তা কৰক, যেতিয়া দেশ স্বাধীন হল তেতিয়াৰে পৰা কাশ্মীৰ সমস্যাত ভাৰাক্ৰান্ত হৈ আছিল৷ তাৰে সমস্যাৰ সমাধানৰ বাবে কি কৰা হ? তিনি চাৰিটা পৰিয়াল আৰু তিনিচাৰিটা দল আৰু তেওঁলোকে সমস্যা সমাপ্ত কৰাৰ পৰিৱৰ্তে ইয়াক লালনপালন কৰি দীৰ্ঘদিনলৈ সজীৱ কৰি ৰাখিলে৷ ফলত কি হ? কাশ্মীৰক সন্ত্ৰাসবাদীয়ে ধ্বংস কৰি পেলালে, সন্ত্ৰাসবাদীসকলৰ হাতত সহস্ৰ নিৰ্দোষ লোকে প্ৰাণ হেৰুৱাবলগীয়া হল৷ আপোনালোকে চিন্তা কৰিব পাৰে নে যে কৰবাত বাস কৰি থকা লক্ষাধিক লোকক একে ৰাতিৰ ভিতৰতে সদায়ৰ বাবে ঘৰ পৰিত্যাগ কৰিবলৈ কোৱা হয় আৰু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ সন্ত্ৰাসবাদীৰ সাহস বঢ়োৱাৰ বাবে এয়াই যথেষ্ট আছিল৷ চৰকাৰ, প্ৰশাসনক দুৰ্বল কৰাৰ বাবে এয়াই যথেষ্ট আছিল৷ কাশ্মীৰ যিদৰে পূৰ্বৰ পৰা চলি আহিছিল তেনেকৈ চলি থাকিবলৈ দিয়াটো উচিত আছিল নে?

     বন্ধুসকল, জম্মুকাশ্মীৰত অস্থায়ী হিচাপে অনুচ্ছেদ ৩৭০ প্ৰৱৰ্তন কৰা হৈছিল৷ সংবিধানত ইয়াক অস্থায়ী বুলি লিখা আছে৷ কিন্তু কেইবাটাও দশক পাৰ হৈ যোৱাৰ পিছতো সংবিধানৰ অস্থায়ী অনুচ্ছেদ আঁতৰাবলৈ কাৰো সাহস নহল৷ কাৰণ আছিল একেটাই, চিন্তা আছিল একেটাই৷ নিজৰ হিত, নিজৰ ৰাজনৈতিক দলৰ হিত, নিজৰ ভোটবেংক৷ আমি দেশৰ তৰুণসকলৰ বাবে এনে ভাৰত এৰি থৈ যাম নে যত কাশ্মীৰত সন্ত্ৰাসবাদীসকলে নিৰ্ভয়ে ঘূৰি ফুৰিব, ত নিৰ্দোষ লোকৰ মৃত্যু হৈ থাকিব, ত ত্ৰিৰংগাৰ অপমান হৈ থাকিব আৰু চৰকাৰে এই খেল চাই থাকিব৷

নহয়৷

কাশ্মীৰ ভাৰতৰ মুকুট মণি৷ কাশ্মীৰ আৰু তাৰে বাসিন্দাক দশক পুৰণি সমস্যাৰ পৰা উলিয়াই অনাটো আমাৰ দায়িত্ব আছিল আৰু আমি এয়া কৰি দেখুৱালো৷

     বন্ধুসকল, আমি জানো যে আমাৰ চুবুৰীয়া দেশখনে আমাৰ সৈতে তিনিখনকৈ যুদ্ধত পৰাজয় বৰণ কৰিছে৷ আমাৰ সেনাসকলক তেওঁলোকক ধূলিসাৎ কৰি কৰিবলৈ দহ দিনৰো অধিক সময়ৰ প্ৰয়োজন নহয়৷ এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে দশকজুৰি ভাৰতৰ বিৰুদ্ধে ছদ্মৱেশী যুদ্ধপ্ৰক্সি যুদ্ধত অৱতীৰ্ণ হৈ আহিছে৷ এই প্ৰক্সি যুদ্ধত ভাৰতৰ সহস্ৰাধিক নাগৰিকৰ মৃত্যু হৈছে৷ কিন্তু পূৰ্বে ইয়াক লৈ কি চিন্তা কৰা হৈছিল? তেওঁলোকে ভাবিছিল যে এই সন্ত্ৰাসবাদ, এই সন্ত্ৰাস আক্ৰমণ, এই বোমা বিস্ফোৰণ, এয়াতো আইন আৰু নিৰ্দেশৰ সমস্যা!!! এই চিন্তাভাৱনাৰ ফলতে বোমা বিস্ফোৰণ চলি থাকিল, সন্ত্ৰাসবাদী আক্ৰমণত লোক নিহত হৈ থাকিল, ভাৰত মাতা শোণিতেৰে ৰক্তিম হৈ থাকিল৷ কথা বহু হ, ভাষণ বহু হ, কিন্তু যেতিয়া আমাৰ সৈনিকে কোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ বিচাৰে, তেওঁলোকক বাধা দিয়া হয়৷ আজিৰ তৰুণ চিন্তা, তৰুণ মনৰ সৈতে দেশ আগবাঢ়িছে আৰু সেইবাবে তেওঁলোকে ছাৰ্জিকেল ষ্ট্ৰাইক কৰে, এয়াৰ ষ্ট্ৰাইক কৰে আৰু সন্ত্ৰাসবাদীৰ ঘৰত গৈ তেওঁলোকক শিক্ষা দিয়ে৷ ইয়াৰ পৰিণাম কি হৈছে, সেয়া আপোনালোকেও দেখা পাইছে৷ আজি কেৱল জম্মুকাশ্মীৰতেই নহয়, দেশৰ অন্য প্ৰান্ততো শান্তি স্থাপিত হৈছে, বিচ্ছিন্নতাবাদসন্ত্ৰাসবাদ বহু পৰিমাণে সীমিত হৈছে৷

     বন্ধুসকল, পূৰ্বে উত্তৰপূৰ্বাঞ্চলৰ সৈতে যি নীতি গ্ৰহণ কৰা হৈছিল, যি ব্যৱহাৰ কৰা হৈছিল সেয়া আপোনালোকে ভালদৰেই জানে৷ দশকজুৰি অঞ্চলটোৰ বাসিন্দাৰ আশাআকাংক্ষাক আওকাণ কৰা হৈছিল৷ অঞ্চলটোৰ বাসিন্দাৰেই নহয় বৰঞ্চ তেওঁলোকৰ সমস্যাসমূহক তেওঁলোকৰ ওপৰতে জাপি দিয়া হৈছিল৷ পাঁচপাঁচ, ছয়ছয় দশকজুৰি অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰ সন্ত্ৰাসবাদৰ সমস্যাৰ দ্বাৰা জৰ্জৰিত হৈ আছিল৷ নিজৰ নিজৰ দাবীসমূহৰ বাবে উত্তৰপূৰ্বাঞ্চলত বিভিন্ন উগ্ৰবাদী সংগঠন সৃষ্টি হৈছিল৷ এই সংগঠনসমূহে গণতন্ত্ৰক বিশ্বাস কৰা নাছিল৷ তেওঁলোকে ভাবিছিল যে হিংসাৰেই পথৰ সমাধান ওলাব৷ এই হিংসাত সহস্ৰাধিক নিৰ্দোষ লোক, সহস্ৰাধিক সুৰক্ষাকৰ্মীয়ে প্ৰাণত্যাগ কৰিবলগীয়া হল৷ উত্তৰপূৰ্বাঞ্চলক নিজৰ অৱস্থাতেই এৰি দিয়াটো উচিত হলহেঁতেন নে? আমাৰ সেই ভাইভনীসকলক সমস্যা, চিন্তাক এইদৰেই আওকাণ কৰি বহাটো উচিত হলহেঁতেন নে? এয়া আমাৰ সংস্কাৰ নহয়, এয়া আমাৰ কৰ্ম সংস্কৃতি নহয়৷ উত্তৰপূৰ্বাঞ্চলকলৈ আজি বাতৰিকাকতত এক ডাঙৰ খবৰ প্ৰকাশ পাইছে৷ আপোনালোকে মিডিয়াতো বোধহয় প্ৰত্যক্ষ কৰিছে৷ বড়ো সমস্যাক লৈ এক বৃহৎ আৰু ঐতিহাসিক চুক্তি সম্পন্ন হৈছে৷ মই আপোনালোকক আহ্বান জনাইছো যে বিগত পাঁচছয় দশকজুৰি দেশৰ এনে এক ক্ষেত্ৰ বিশেষকৈ অসমে কি পৰিস্থিতিৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছিল সেয়া পঢ়ক, তাৰ ওপৰত গৱেষণা কৰক, আপোনালোকে গম পাব যে তাৰে বাসিন্দাই, উত্তৰপূৰ্বাঞ্চলৰ লোকে কেনে ধৰণৰ স্থিতিৰ সন্মুখীন হবলগীয়া হৈছিল৷ কিন্তু এই স্থিতিকো পৰিৱৰ্তনৰ বাবে কোনো বিশেষ পদক্ষেপ পূৰ্বে গ্ৰহণ কৰা হোৱা নাছিল৷ আমি এই স্থিতি এনেকৈয়ে চলি থাকিব দিলোহেঁতেন নে?

নহয়, কদাপি নহয়৷

আমি এফালে উত্তৰপূৰ্বাঞ্চলৰ বিকাশৰ বাবে অভুতপূৰ্ব যোজনাসমূহৰ সূচনা কৰিলো আৰু আনফালে অতিশয় মুক্ত মন তথা মুক্ত হৃদয়েৰে সকলো ষ্টেকহল্ডাৰৰ সৈতে আলোচনা আৰম্ভ কৰিলো৷ বড়ো চুক্তি আজি ইয়াৰেই পৰিণাম হিচাপে বিবেচিত হৈছে৷ কিছুদিন পূৰ্বে মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজত ব্ৰু জনজাতিক লৈ সম্পন্ন হোৱা চুক্তি ইয়াৰেই পৰিণাম হিচাপে বিবেচিত হৈছে৷ এই চুক্তিৰ পিছত ব্ৰু জনজাতিৰ সৈতে জড়িত ২৩ বছৰ পুৰণি সমস্যাৰ সমাধান সম্ভৱ হল৷ এয়াইতো যুৱ ভাৰতৰ চিন্তা৷ সকলোৰে সৈতে, সকলোৰে বিকাশ কৰি, সকলোৰে বিশ্বাস অৰ্জন কৰি দেশক আমি আগুৱাই লৈ যাব লাগিব৷

     বন্ধুসকল, এই দেশৰ কোনজন নাগৰিকে নিবিচাৰিব যে আমাৰ সেনা আধুনিক হওক, সামৰ্থৱান হওক৷ কোনে নিবিচাৰিব যে তেওঁলোকৰ ওচৰত যুদ্ধৰ আধুনিক সুবিধাসমূহ উপলব্ধ হওক৷ প্ৰতিজন দেশপ্ৰেমীয়েই বিচাৰিব, প্ৰতিজন ৰাষ্ট্ৰভক্তই বিচাৰিব৷ কিন্তু আপুনি কল্পনা কৰিব পাৰে নে ৩০ বছৰতকৈও অধিক সময়জুৰি আমাৰ দেশৰ বায়ু সেনাৰ ওচৰত এখনো পৰৱৰ্তী প্ৰজন্মৰ যুঁজাৰু বিমাননাছিল৷ আমাৰ পুৰণি বিমান দুৰ্ঘটনাত পতিত হৈ ৰৈছিল, আমাৰ যুঁজাৰু বৈমানিক শ্বহীদ হৈছিল কিন্তু যিসকল লোকৰ ওপৰত নতুন বিমান ক্ৰয় কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছিল তেওঁলোকৰ কোনো চিন্তাই নাছিল৷ আমি এনেদৰেই চলি থাকিব দিলোহেঁতেন নে? এনেদৰে বায়ু সেনাক দুৰ্বল হৈ থাকিব দিলোহেঁতেন নে?

নহয়৷

তিনি দশকজুৰি যি কাম ওলমি থাকিল, সেই কাম আমি আৰম্ভ কৰিলো৷ আজি মই সুখী কিয়নো তিনিটা দশকৰ অপেক্ষাৰ পিছত পৰৱৰ্তী প্ৰজন্মৰ যুঁজাৰু বিমানৰাফেল আমি লাভ কৰিছো৷ অতি শীঘ্ৰেই ই ভাৰতৰ আকাশত উৰিব৷

     বন্ধুসকল, আপোনালোকে ইউনিফৰ্ম পৰিধান কৰি আছে৷ আপোনালোকে এই কথাৰ সৈতে অধিক সামঞ্জস্যতা অনুভৱ কৰিব যে ইউনিফৰ্মৰ সৈতে কিমান দায়িত্ব থাকে৷ এই কৰ্তব্যৰ খাতিৰতেই আমাৰ জোৱানসকলে সীমাত, দেশৰ ভিতৰত কেতিয়াবা সন্ত্ৰাসবাদীসকলৰ সৈতে, কেতিয়াবা নক্সালবাদীসকলৰ সৈতে মোকাবিলা কৰিবলগীয়া হয়৷ চিন্তা কৰক, তেওঁলোকৰ ওচৰত যদি বুলেটপ্ৰুফ জেকেট নাথাকে, তেন্তে কি হ? কিন্তু আমাৰ ইয়াত এনে চৰকাৰো আছিল, এনে লোকো আছিল যিসকলৰ জোৱানসকলক বুলেটপ্ৰুফ জেকেট দিয়াত কষ্ট হৈছিল৷ ২০০৯ চনৰ পৰা আমাৰ জোৱানসকলে বুলেটপ্ৰুফ জেকেটৰ দাবী উত্থাপন কৰি আহিছিল কিন্তু তেতিয়াৰ শাসনতন্ত্ৰই সেই কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল৷ মোৰ জোৱানসকল এনেদৰেই সন্ত্ৰাসবাদী, নক্সালবাদীসকলৰ গুলীৰ চিকাৰ হৈ থাকিবলগীয়া হলহেঁতেন নেকি? তেওঁলোকে দেশৰ বাবে প্ৰাণ ত্যাগৰ শপত গ্ৰহণ কৰিছে কিন্তু তেওঁলোকৰ প্ৰাণ আমাৰবোৰতকৈ অধিক মূল্যৱান৷ আৰু সেইবাবে আমাৰ চৰকাৰে কেৱল জোৱানৰ বাবে পৰ্যাপ্ত বুলেটপ্ৰুফ জেকেট ক্ৰয়ৰ আদেশ দিয়াই নহয় বৰঞ্চ এতিয়া ভাৰতে আন দেশলৈও বুলেটপ্ৰুফ জেকেটৰ ৰপ্তানি কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

     বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা এনে বহু কেডেট ওলাব যাৰ পৰিয়ালৰ কোনোবাজন লোক সৈন্য বিভাগত আছে৷ আপুনি যেতিয়া কাৰোবাক লগ পায়, তেতিয়া গৌৰৱেৰে কয় যে মোৰ দেউতা অথবা মোৰ খুড়া অথবা দাদা, বাইদেউৱে সৈন্য বিভাগত কাম কৰে৷ সেনা জোৱানৰ প্ৰতি আমাৰ মন স্বাভাৱিকতে গৌৰৱেৰে ভৰি পৰে৷ তেওঁলোকে দেশৰ বাবে ইমান কাম কৰে আৰু তেওঁলোকক দেখা পালেই মনত সন্মানৰ ভাৱেৰে ভৰি পৰে৷ কিন্তু তেওঁলোকৰ ৪০ বছৰীয়া পুৰণি দাবী এক পদ, এক পেঞ্চনমন দি শুনিব, পুনৰ কৈছোএক পদ, এক পেঞ্চনৰ তেওঁলোকৰ ৪০ বছৰীয়া পুৰণি দাবী পূৰ্বৰ চৰকাৰে পূৰণ কৰিব নোৱাৰিলে৷ এয়া আমাৰেই চৰকাৰ যিয়ে এই ৪০ বছৰীয়া পুৰণি দাবী পূৰণ কৰিলে, এক পদ, এক পেঞ্চন প্ৰৱৰ্তন কৰিলে৷

     বন্ধুসকল, সীমাত যিসকল আমাৰ জোৱান আছে, তেওঁলোকে দেশৰ সীমাই নহয়, দেশৰ জনসাধাৰণকেই নহয় বৰঞ্চ দেশৰ স্বাভিমানৰো ৰক্ষা কৰি আছে৷ যিকোনো স্বাধীনৰ দেশৰ পৰিচয় হস্বাভিমান৷ দেশৰ স্বাভিমানৰ ৰক্ষা কৰোঁতা আমাৰ বীৰ সৈনিকসকলৰ বাবে স্বাধীনতাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ দাবী উত্থাপিত হৈ আহিছিল৷ এইদৰে দেশৰ আভ্যন্তৰীণ সুৰক্ষা বৰ্তাই ৰখাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া আৰক্ষীকৰ্মীসকলৰ বাবেও আৰক্ষী স্মাৰকৰ দাবী দশকজুৰি উত্থাপিত হৈ আহিছিল৷ কোনোবাই কল্পনা কৰিব পাৰে নে এই কামৰ বাবে ৫০৫০ বছৰ, ৬০৬০ বছৰ অপেক্ষা কৰিব লাগে৷ এয়া কেনে প্ৰক্ৰিয়া আছিল, কোন পথেৰে তেওঁলোকে দেশক আগুৱাই লৈ গৈ আছিল? কিছুমান লোকৰ দ্বাৰা ভাৰতৰ শ্বহীদসকলৰ সোঁৱৰণি নোহোৱাৰ কৰাৰ পাপৰ প্ৰয়াস কৰা হৈছিল৷ দেশৰ সেনা, সুৰক্ষাবাহিনীৰ স্বাভিমান, তেওঁলোকৰ আত্মগৌৰৱ বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ স্বাভিমানত আঘাত কৰা হৈছিল৷ ইয়াত উপস্থিত থকা এনচিচিৰ কেডেটসকলে এই কথাত সহমত নে? আপোনালোকৰ তৰুণ চিন্তা, আপোনালোকৰ তৰুণ মনে যি বিচাৰে সেয়া আমাৰ চৰকাৰে কৰিছে৷ আজি দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকো আছে আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকো আছে৷

     বন্ধুসকল, আজি সমগ্ৰ বিশ্বত বিভিন্ন বিভিন্ন পৰ্যায়ত সৈন্য ব্যৱস্থাত পৰিৱৰ্তন হবলৈ ধৰিছে৷ আমি সকলোৱে জানো যে এতিয়া হাতীঘোঁৰাৰে যুদ্ধ জয় কৰিব নোৱাৰি৷ আধুনিক যুদ্ধত জলথলনভ অৰ্থাৎ আমাৰ স্থল সেনা, আমাৰ নৌসেনা আৰু বায়ু বাহিনীয়ে সমন্বয়েৰে আগবাঢ়িব লাগে৷ বৰ্ষজুৰি দেশত সেনাৰ তিনিওটা বিভাগত শক্তি বৃদ্ধি কৰিবলৈ, সমন্বয় বৃদ্ধি কৰিবলৈ চীফ অব্ ডিফেন্স পদৰ দাবী চলি আহিছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াৰ ওপৰত আলোচনা চলিয়েই থাকিল, ফাইল এখন টেবুলৰ পৰা সিখন টেবুললৈ ঘূৰিয়েই থাকিল, কোনেও সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে৷ চিন্তা সেয়াই আছিলকি লাভ, চলি আছে নহয়!!!

     বন্ধুসকল, ডিপাৰ্টমেণ্ট অব্ মিলিটেৰী এফেয়াৰ্ছৰ গঠন, চিডিএছ পদৰ গঠন, চিডিএছ পদত নিযুক্তি, এই কামো আমাৰ চৰকাৰেই কৰিলে৷ সেই একে যুৱ চিন্তাৰ সৈতে যে পেলাই নথবা, সিদ্ধান্ত গ্ৰহণ কৰা৷ আৰু এয়াও মন কৰিব, ৱান প্লাছ ৱান প্লাছ ৱান যদি তিনি হয় তেন্তে চিডিএছৰ নিযুক্তিৰ পিছত এতিয়া ৱান প্লাছ ৱান প্লাছ ৱান এশ এঘাৰ হব৷

     বন্ধুসকল, আপোনালোকে কল্পনা কৰিব পাৰে নে যে কোনোবা দেশে নিজৰ অধিকাৰৰ পানীও এনেই বৈ যাবলৈ দিয়ে৷ কিন্তু ভাৰতত এয়া হৈ আছিল৷ ভাৰতৰ কৃষক পানীৰ সমস্যাৰে জৰ্জৰিত হৈ আছিল আৰু দেশৰ পানী বৈ পাকিস্তানলৈ গৈ আছিল৷ কোনেও এই পানী ভাৰতৰ কৃষকক যোগান ধৰাৰ সাহস দেখুৱাব নোৱাৰিলে৷ আমি পাকিস্তানলৈ বৈ যোৱা পানী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু এতিয়া ইয়াৰ ওপৰত দ্ৰুত গতিত কাম হবলৈ ধৰিছে৷ ভাৰতৰ অধিকাৰৰ পানী এতিয়া ভাৰততেই থাকিব৷

     বন্ধুসকল, যেতিয়া দেশ স্বাধীন হ, তেতিয়া ভাগবটোৱাৰা কাৰ পৰামৰ্শ মতে হ, কাৰ স্বাৰ্থৰ ফলত হ, যিসকলে স্বতন্ত্ৰ ভাৰতৰ দায়িত্ব গ্ৰহণ কৰিলে তেওঁলোকে এই ভাগবটোৱাৰাৰ বাবে কিয় প্ৰস্তুত হল সেই বিষয়ে বিস্তাৰিতভাৱে কবলৈ নাযাও৷ আপোনালোকে ভাল কিতাপ পঢ়িব, পুৰ্বাগ্ৰহৰহিত ইতিহাসকাৰৰ ৰচনা পঢ়িব, তেতিয়া আপোনালোকে সত্যৰ বিষয়ে জানিব পাৰিব৷ কিন্তু আজি নাগৰিকত্ব সংশোধনী আইনক লৈ যি ভ্ৰম বিয়পোৱা হৈছে, যি বিৰোধিতা কৰা হৈছে, তাৰে সত্যটো দেশৰ যুৱসমাজে জনাটো প্ৰয়োজন৷

     বন্ধুসকল, স্বতন্ত্ৰতাৰ পিছৰ পৰাই স্বতন্ত্ৰ ভাৰতে পাকিস্তান, বাংলাদেশ, আফগানিস্তানত থাকি যোৱা হিন্দু, শিখ আৰু অন্যান্য সংখ্যালঘূসকলক প্ৰতিশ্ৰুতি দিছিল যে যেতিয়াই তেওঁলোকৰ প্ৰয়োজন হ, তেওঁলোকে ভাৰতলৈ উভতি আহিব পাৰে, ভাৰত তেওঁলোকৰ সৈতে আছে৷ এই ইচ্ছা গান্ধীজীৰো আছিল, এয়াই ১৯৫০ত সম্পন্ন হোৱা নেহৰুলিয়াকৎ চুক্তিৰো ভাৱনা আছিল৷ এই দেশসমূহত যিসকল লোকৰ ওপৰত আস্থাৰ ফলত অত্যাচাৰ হ, তেওঁলোকক শৰণ দিয়াটো, নাগৰিকত্ব প্ৰদান কৰাটো ভাৰতৰ দায়িত্ব আছিল৷ কিন্তু এই বিষয়টোৰ পৰা আৰু এনে সহস্ৰাধিকক লোকক আওকাণ কৰা হল৷ এইসকল লোকৰ সৈতে হোৱা ঐতিহাসিক অন্যায় ৰোধ কৰিবলৈ, ভাৰতৰ পুৰণি প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আজি যেতিয়া আমাৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন লৈ আহিল, এনে লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিলে, তেতিয়া কিছুমান ৰাজনৈতিক দলে নিজৰ ভোটবেংক ৰক্ষা কৰাৰ প্ৰতিযোগিতাত নামি পৰিল৷ কাৰ হিতৰ বাবে কাম কৰি আছে এইসকল লোকে? এইসকল লোকে পাকিস্তানত সংখ্যালঘূসকলৰ ওপৰত হোৱা অত্যাচাৰ দেখা পোৱা নাই নেকি? কেৱল আস্থাৰ বাবে পাকিস্তানত কন্যাসকলৰ ওপৰত জুলুম কৰা হয়, তেওঁলোকক বলাৎকাৰ কৰা হয়, তেওঁলোকৰ অপহৰণ কৰা হয়, এই সকলোবোৰ আওকাণ কৰিবলৈ উঠিপৰি লাগিছে এইসকল লোকে?

     বন্ধুসকল, ইয়াৰে কিছুসংখ্যক লোকে শোষিতসকলৰ কণ্ঠস্বৰ হোৱাৰ ভাও ধৰিছে৷ এওঁলোকেই পাকিস্তানত শোষিতসকলৰ ওপৰত হোৱা অত্যাচাৰ দেখা নাপায়৷ এওঁলোকে পাহৰি যায় যে পাকিস্তানৰ পৰা যিসকল লোক ধাৰ্মিক উৎপীড়নৰ ফলত ভাৰতলৈ পলাই আহিছে, তাৰে অধিকাংশ লোকেই হল শোষিত৷

     বন্ধুসকল, কিছুদিন পূৰ্বে পাকিস্তানৰ সেনাই এক বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ সেনাত চাফাই কৰ্মচাৰীৰ বিজ্ঞাপন৷ সেই বিজ্ঞাপনত কি লিখা আছিল জানেনে? তাত লিখা আছিলচাফাই কৰ্মচাৰীৰ বাবে তেওঁহে আবেদন কৰিব পাৰে যি মুছলিম নহয়৷ অৰ্থাৎ বিজ্ঞাপন কাৰ বাবে আছিল? আমাৰ এই ভাইভনীসকলৰ বাবেই৷ তেওঁলোকে পাকিস্তানত কি হৈ আছে দেখা নাপায়৷ এই স্থিতি হৈছে তাত৷

     বন্ধুসকল, ভাগবটোৱাৰাৰ সময়ত বহু লোকে ভাৰত এৰি গুচি গৈছিল৷ কিন্তু যোৱাৰ পিছতো ইয়াৰ সম্পত্তিৰ ওপৰত তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিছিল৷ আমাৰ চহৰৰ মাজতে থিয় হৈ থকা, লাখকোটিৰ এই সম্পত্তিসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ থকা স্বত্বেও এয়া দেশৰ কোনো কামত অহা নাই৷ দশকজুৰি শত্ৰুৰ সম্পত্তি আইনক ওলমাই ৰখা হল৷ যেতিয়া আমি ইয়াক প্ৰণয়ন কৰাৰ সংসদলৈ লৈ আনিলো তেতিয়া আমি ইয়াক গৃহীত কৰোৱাৰ বাবে দাঁতেওঠে কামোৰ খাবলগীয়া হল৷ মই পুনৰবাৰ সুধিম, কাৰ হিতৰ বাবে এয়া কৰা হ? যিসকল লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিলে তেওঁলোকেই শত্ৰুৰ সম্পত্তি আইনৰো বিৰোধিতা কৰিছিল৷

     বন্ধুসকল, ভাগবটোৱাৰৰ পিছত ভাৰত আৰু তেতিয়াৰ পূব পাকিস্তান তথা আজিৰ বাংলাদেশৰ সৈতে কিছুমান এলেকাত সীমা বিবাদ চলি আহিছে৷ এই বিবাদ সমাধান কৰাৰ বাবে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নহল৷ যদি সীমাতেই বিবাদ চলি থাকে তেন্তে অনুপ্ৰৱেশকাৰীক কেনেকৈ ৰোধিব? নিজৰ স্বাৰ্থৰ বাবে এই বিবাদক ওলোমাই ৰখা, অনুপ্ৰৱেশকাৰীসকলৰ বাবে দুৱাৰ মুকলি কৰি ৰখা, নিজৰ ৰাজনীতি চলাই থকা, এয়াই চলি আহিছিল আমাৰ দেশত৷ আমাৰ চৰকাৰেই বাংলাদেশৰ সৈতে সীমা বিবাদ সমাধান কৰিলে৷ আমি দুয়োখন মিত্ৰ দেশে মুখামুখিকৈ বহি আলোচনা কৰিলো, পৰস্পৰে পৰস্পৰৰ কথা শুনিলো, পৰস্পৰে পৰস্পৰক বুজিলো আৰু এনে এক সমাধান উলিয়ালো যত দুয়োখন দেশেই সহমত হল৷ মই সুখী যে আজি কেৱল সীমা বিবাদ সমাধান হোৱাই নহয় বৰঞ্চ ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কও আজি ঐতিহাসিক স্তৰত উপনীত হৈছে৷ আমি দুয়োখন দেশে দৰিদ্ৰতাৰ বিৰুদ্ধে যুদ্ধ কৰি আছো৷

     বন্ধুসকল, ভাৰতৰ ভাগবটোৱাৰৰ সময়ত কাগজত এডাল ৰেখা অংকন কৰা হৈছিল৷ দেশৰ বিভাজন কৰা হৈছিল৷ কাগজত অঁকা এই ৰেখাই গুৰুদ্বাৰ কৰতাৰপুৰ চাহিবক আমাৰ পৰা দূৰ কৰি পেলাইছিল, সেয়া পাকিস্তানৰ অংশ হৈ পৰিছিল৷ কৰতাৰপুৰ গুৰুনানকৰ ভূমি আছিল৷ কোটি কোটি দেশবাসীৰ আস্থা সেই পবিত্ৰ স্থানৰ সৈতে জড়িত হৈ আছিল৷ সেয়া কিয় এৰি দিয়া হ? যেতিয়া পাকিস্তানৰ ৯০ হাজাৰ সৈনিকক বন্দী কৰা হৈছিল তেতিয়া কোৱা হৈছিল যে আমাৰ কৰতাৰপুৰ চাহিব আমাক ঘূৰাই দিয়া৷ কিন্তু এয়াও কৰা নহল৷ দশকজুৰি শিখ শ্ৰদ্ধালুসকলে এই অপেক্ষাত আছিল যে তেওঁলোকে কৰতাৰপুৰ সহজে ভ্ৰমণ কৰিব পাৰিব, গুৰুভূমিৰ দৰ্শন কৰিব পাৰিব৷ কৰতাৰপুৰ কৰিডৰ নিৰ্মাণ কৰাৰ কামো আমাৰ চৰকাৰেই কৰিলে৷

     বন্ধুসকল, শ্ৰী ৰাম জনমভূমিৰ গোচৰ ন্যায়ালয়ত দশকজুৰি ওলমি আছিল, ইয়াৰ অন্তৰালত সেয়াই চিন্তা আছিলযে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ ওলমাই ৰখা, দেশৰ জনতাক বিভ্ৰান্ত কৰা৷ এইসকল লোকে ন্যায়ালয়লৈ অহাযোৱা কৰি আছিল যাতে যিকোনো প্ৰকাৰে শুনানি স্থগিত হওক, ন্যায়ালয়ে সিদ্ধান্ত নলওক৷ কি কি ব্যৱস্থা কৰা হল এয়া দেশে দেখিলে৷ এওঁলোকৰ সকলো কূটনীতি আমাৰ চৰকাৰে পোহৰলৈ আনিলে, যিয়ে বাধাৰ সৃষ্টি কৰি আছিল, তেওঁলোকক আঁতৰোৱা হল আৰু আজি এই গুৰুত্বপূৰ্ণ তথা সংবেদনশীল গোচৰৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ 

     বন্ধুসকল, দশক পুৰণি সমস্যাসমূহৰ সমাধান কৰা আমাৰ চৰকাৰৰ সিদ্ধান্তত যিসকল লোকে সাম্প্ৰদায়িকতাৰ ৰং সানিছে, তেওঁলোকৰ প্ৰকৃত চেহেৰা আজি দেশে দেখা পাইছে৷ মই পুনৰবাৰ কদেশে দেখিছে, দেশে বুজিছে৷ মনে মনে আছে, কিন্তু সকলো বুজিছে৷ ভোটবেংকৰ বাবে কিদৰে দশকজুৰি এইসকল লোকে মনে সজা মিথ্যা বিয়পালে, দেশে এয়াও গম পালে৷ সমাজৰ ভিন্ন ভিন্ন স্তৰত বহি থকা লোকসকলৰ মুখা খুলি পৰিছে৷ এওঁলোকৰ চিন্তাধাৰা, বক্তব্যৰ মুখা সুলকি পৰিছে৷ এওঁলোকে দেশহিততকৈ স্বহিতক অধিক গুৰুত্ব দিয়ে৷ এওঁলোকে ভোটবেংকৰ ৰাজনীতি কৰি সমস্যাসমূহ দশকজুৰি সমাধান কৰিবলৈ নিদিলে৷

     বন্ধুসকল, আপোনালোক কেডেটসকলৰ জন্মৰো বহু বছৰ পূৰ্বে, এয়া ১৯৮৫৮৬ৰ কথা, যেতিয়া দেশৰ সবাতোকৈ বৃহৎ ন্যায়ালয়ে, ছুপ্ৰিম কৰ্টে মুছলিম মহিলাসকলক দেশৰ অন্য ভনীকন্যাসকলৰ দৰেই অধিকাৰ প্ৰদান কৰি ঐতিহাসিক ৰায়দান কৰিছিল৷ কিন্তু এইসকল লোকে ছুপ্ৰিম কৰ্টৰ ৰায়দানকেই ওলটাই দিলে৷ ইমান বছৰ ধৰি যি সহস্ৰাধিকলক্ষাধিক মুছলিম ভনীকন্যাৰ জীৱন তিনি তালাকৰ বাবে নৰক সদৃশ হৈ পৰিছিল, তাৰবাবে দোষী এইসকল লোক নহয় নে? হয়, নিশ্চয় হয়৷ এই লোকসকলৰ তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে মুছলিম ভনীকন্যাসকলে তিনি তালাকৰ ভয়ৰ পৰা মুক্তি নাপালে৷ বিশ্বৰ অনেক মুছলিম দেশত তিনি তালাক কেতিয়াবাই বন্ধ হৈছে৷ কিন্তু ভাৰতত এইসকল লোকে কৰিব নিদিলে৷ চিন্তা সেয়াই আছিলনিজেও পৰিৱৰ্তিত নহও, আনকো পৰিৱৰ্তিত হবলৈ নিদিও৷ সেইবাবে দেশে এওঁলোককেই পৰিৱৰ্তন কৰি দিলে৷ আমাৰ চৰকাৰে তিনি তালাকৰ বিৰুদ্ধে আইন পাৰিত কৰিলে, মুছলিম মহিলাসকলক নতুন অধিকাৰ প্ৰদান কৰিলে৷

     বন্ধুসকল, যি দিল্লীত এই অনুষ্ঠানৰ আয়োজন কৰ হৈছে, সেই দিল্লীতেই, দেশৰ ৰাজধানীত, স্বাধীনতাৰ পিছত লক্ষাধিত বিস্থাপিত লোকক স্থান দিয়া হৈছে৷ সময়ৰ সৈতে আৰু বহু লক্ষাধিক লোক দিল্লীলৈ আহিল আৰু বসতি স্থাপন কৰিলে৷ দিল্লীত ১৭০০ত কৈও অধিক কলনীত বাস কৰা লোকে দশকজুৰি তেওঁলোকৰ ঘৰৰ মালিকীস্বত্ব লাভ কৰা নাছিল৷ কবলৈ গলে নিজৰ ঘৰ কিন্তু আইনৰ চকুত এয়া হোৱা নাছিল৷ এনে ৪০ লাখতকৈও অধিক লোকে তেওঁলোকক মালিকীস্বত্ব প্ৰদানৰ বাবে দাবী কৰি আহিছিল৷ কিন্তু দশক পুৰণি তেওঁলোকৰ এই দাবীত গুৰুত্ব দিয়া নহল৷ যেতিয়া আমাৰ চৰকাৰে প্ৰয়াস কৰিলে তেতিয়াও তাত বাধা প্ৰদানৰ চেষ্টা কৰা হল৷ এয়া যুৱ ভাৰতৰ চিন্তাধাৰা, যাৰ জৰিয়তে দিল্লীৰ ৪০ লাখ লোকৰ জীৱনৰ পৰা তেওঁলোকৰ আটাইতকৈ ডাঙৰ চিন্তা দূৰ কৰিলে৷ আমাৰ চৰকাৰ সিদ্ধান্তৰ জৰিয়তে হিন্দু, মুছলিম, শিখ, খ্ৰিষ্টিয়ান সকলো উপকৃত হল৷

     বন্ধুসকল, আমাৰ বাবে প্ৰত্যেক দেশবাসীৰে গুৰুত্ব আছে আৰু এই চিন্তাৰ সৈতে আমি আগবাঢ়িছো৷ অসমত যি ব্ৰুৰিয়াং জনজাতিৰ উল্লেখ মই পূৰ্বেও কৰিছিলো, তেওঁলোককো নিজৰ অৱস্থাত এৰি দিয়া হৈছিল৷ এতিয়া তেওঁলোককো নিজৰ জীৱনৰ বৃহৎ চিন্তাৰ পৰা আমাৰ চৰকাৰে মুক্ত কৰিছে৷ এওঁলোকে মিজোৰামৰ পৰা পলাই আহি ত্ৰিপুৰাত শৰণ লৈছিল৷ বৰ্ষজুৰি এইসকল লোকে বিস্থাপিত জীৱন কটাই আহিছিল৷ থকাখোৱাৰ ঠিকনা নাছিল, সন্তানৰ ভৱিষ্যত নাছিল৷ পূৰ্বৰ চৰকাৰে এওঁলোকৰ সমস্যাসমূহ আওকাণ কৰি আহিছিল৷ আমি সকলোকে লগত লৈ সমাধান সন্ধান কৰিলো৷ আগন্তুক বৰ্ষসমূহত চৰকাৰে ব্ৰুৰিয়াং জনজাতিৰ জীৱন সহজ কৰিবলৈ ৬০০ কোটি টকা ব্যয় কৰিব৷

     বন্ধুসকল, ইয়াত বহি থকা যুৱসমাজে বিচাৰে যে দেশৰ ভ্ৰষ্টাচাৰ কম হওক৷ ভ্ৰষ্টাচাৰে আমাৰ দেশৰ সংসাধনসমূহক উই পোকৰ দৰে কুটি কুটি খালে৷ ই ধনীক আৰু অধিক ধনী কৰিলে আৰু দুখীয়াক অধিক দুখীয়া৷ আনকি দেশৰ প্ৰধানমন্ত্ৰীয়ে এই পৰ্যন্ত কবলৈ বাধ্য হৈছিল যে কেন্দ্ৰ চৰকাৰে দুখীয়াৰ বাবে যদি এটকা পঠিয়াই তেন্তে তাৰে কেৱল ১৫ পইচাহে দুখীয়াই পায়৷ এয়াই স্থিতি আছিল৷ কিন্তু ইয়াক পৰিৱৰ্তন কৰাৰ বাবে কি কৰা হ? নিষ্ঠাৰে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কাম কৰাৰ কোনো প্ৰয়াসেই কৰা নহল৷ আমাৰ চৰকাৰে জনধন আধাৰ আৰু মবাইলৰ শক্তিৰে, আধুনিক প্ৰযুক্তিৰ সহায়ত এই ধৰণৰ ভ্ৰষ্টাচাৰ বহু পৰিমাণে হ্ৰাস কৰিলে৷ আমাৰ চৰকাৰে ইয়াৰ জৰিয়তে ১ লাখ ৭০ হাজাৰ কোটি টকাতকৈও অধিক টকা দুনীৰ্তি হোৱাৰ পৰা ৰক্ষা কৰিলে৷

     বন্ধুসকল, ১৯৮৮ত দেশত বেনামী সম্পত্তিৰ বিৰুদ্ধে এক আইন সৃষ্টি কৰা হৈছিল৷ দেশৰ সংসদে ইয়াক গৃহীতও কৰিছিল৷ কিন্তু ২৮ বছৰ পৰ্যন্ত ইয়াক প্ৰণয়ন কৰা হোৱা নাছিল৷ বেনামী সম্পত্তিৰ বিৰুদ্ধে থকা আইনক এওঁলোকে জাৱৰৰ পাত্ৰলৈ নিক্ষেপ কৰিছিল৷ আমাৰ চৰকাৰেই বেনামী সম্পত্তিৰ আইন প্ৰণয়ন কৰিলে আৰু হাজাৰ কোটি টকাৰ অবৈধ সম্পত্তিক এই আইনৰ অধীনত জব্দ কৰা হল৷ মই আপোনালোকক এটা প্ৰশ্ন কৰিবলৈ বিচাৰিছো৷ কাৰণ ইয়াৰ উত্তৰ শুনি আপোনালোক আচৰিত হৈ যাব৷ আপোনালোকৰ ঘৰৰ পাকঘৰটোত ৪০০৫০০জন লোক ধৰিব নে? নাহে, নহয় জানো!!! আচ্ছা, এইটো কওক, পাকঘৰৰ সমান স্থানত ২ হাজাৰ, ৩ হাজাৰ লোক থাকিব পাৰেনে? নোৱাৰে, নহয় জানো!!! মইও জানো৷ কিন্তু পূৰ্বে দেশত কাগজেকলমে এনেকুৱাই হৈ আছিল৷ পাকঘৰৰ সমান স্থানত দেশত চাৰিচাৰিশ, পাঁচপাঁচশ উদ্যোগ চলি আছিল৷ কাগজেকলমে এই উদ্যোগসমূহত বহু কৰ্মচাৰীও আছিল৷ এই উদ্যোগবোৰৰ কাম কি আছিল? এঠাইৰ কলা ধন আন ঠাইলৈ৷ এয়াই তেওঁলোকৰ কাম আছিল৷ আমাৰ চৰকাৰে এনে চাৰে তিনি লাখতকৈও অধিক সন্দেহযুক্ত উদ্যোগ বন্ধ কৰি দিলে৷ এই কাম আগেয়েও হব পাৰিলেহেঁতেন৷ কিন্তু এনে মনোভাৱেই নাছিল, তৰুণ ভাৰতৰ চিন্তাই নাছিল৷ আমি সমস্যাসমূহৰ সমাধান বিচাৰো, সেইসমূহ ওলোমাই থব নিবিচাৰো৷ জিএছটিয়েই হওক, দুখীয়াৰ সংৰক্ষণৰ সিদ্ধান্তই হওক, ধৰ্ষণকাৰীসকলৰ বাবে ফাঁচীৰ আইনেই হওক, আমাৰ চৰকাৰে এই যুৱ চিন্তাৰ সৈতে বৰ্ষ পুৰণি দাবীসমূহ পূৰণ কৰাৰ দিশত অগ্ৰসৰ হৈছে৷

     বন্ধুসকল, বিংশ শতিকাৰ ৫০ বছৰ আৰু একবিংশ শতিকাৰ ১৫২০ বছৰ ধৰি আমি দশক পুৰণি সমস্যাসমূহৰ সৈতে জীয়াই থকাৰ অভ্যাসৰ দৰে গঢ়ি লৈছিলো৷ কোনো দেশৰ বাবে এই স্থিতি সঠিক নহয়৷ আমি ভাৰতৰ লোকসকলে এনে হব দিব নোৱাৰো৷ আমাৰ কৰ্তব্য এয়াই যে আমি জীয়াই থাকোতেই এই সমস্যাৰ পৰা দেশক মুক্ত কৰিব লাগে৷ আমি আগন্তুক প্ৰজন্মক এনে সমস্যাৰ সৈতে ভাৰাক্ৰান্ত কৰিলে দেশৰ ভৱিষ্যতৰ সৈতে অন্যায় কৰা হব৷ আমি এনে হবলৈ দিব নোৱাৰো৷ আৰু সেইবাবে মই আগন্তুক প্ৰজন্মৰ বাবে, দেশ তৰুণসকলৰ কল্যাণৰ বাবে সকলোধৰণৰ ৰাজনৈতিক প্ৰৱঞ্চনাৰ মুখামুখি হৈছো৷ মই এই লোকসকলৰ ষড়যন্ত্ৰ নিষ্ফল কৰি আছো যাতে দেশে সফল হব পাৰে৷ মই সকলো সমালোচনা, সকলো গালি সন্মুখলৈ আহি গ্ৰহণ কৰিছো যাতে আগন্তুক প্ৰজন্মই এই স্থিতিৰ মাজেৰে জীৱন কটাবলগীয়া নহয়৷ মই প্ৰতিটো গালিৰ বাবে, প্ৰতিটো সমালোচনাৰ বাবে, সকলো জুলুম সহ্য কৰিবলৈ প্ৰস্তুত কিন্তু দেশক এই পৰিস্থিতিত ওলোমাই ৰাখিবলৈ মই প্ৰস্তুত নহয়৷ আজিকালি লোকে এই প্ৰপগাণ্ডা বিয়পাইছে, বিদেশী সংবাদ মাধ্যমৰ দ্বাৰা এয়া প্ৰচাৰ কৰিছে যে আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈছে সিয়ে মোদীৰ প্ৰতিষ্ঠাক আঘাত কৰিছে৷ মোদী এইসমূহৰ কথাৰ বাবে জন্ম হোৱা নাই৷ এওঁলোকে পৰিৱৰ্তিত ভাৰতক অনুধাৱন কৰিবই পৰা নাই৷ এওঁলোকৰ চাপ মই বহু দিনৰ পৰা সন্মুখীন হৈ আহিছো৷ এওঁলোকে নিজকে যিমান জানে তাতোকৈ অধিক মই তেওঁলোকক শিৰাইশিৰাই চিনি পাও৷ সেইবাবে এওঁলোক কোনো ভ্ৰমত থকা উচিত নহয়৷

     বন্ধুসকল, অনেক সমস্যাৰে জৰ্জৰিত এখন দেশ কিদৰে আগবাঢ়িব? আমি এই সমস্যাসমূহৰো সমাধান কৰি আছো আৰু বাধাও ওফৰাই আছো৷ এই দেশক আমিয়েই শক্তিশালী কৰিব লাগিব, আমিয়েই ইয়াক বিকাশৰ নতুন উচ্চতাত অৱৰোহণ কৰোৱাব লাগিব৷ ২০২২ চনত যেতিয়া আমি স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিম তেতিয়া এনে অনেক সমস্যাৰ পৰা আমি দেশক সদায়ৰ বাবে মুক্ত কৰিব লাগিব৷ স্বতন্ত্ৰতাৰ সময়ৰ পৰা চলি অহা সমস্যাসমূহৰ পৰা মুক্তিয়েই এই দশকত নতুন ভাৰতক সৱলীকৰণ কৰিব৷ যেতিয়া পুৰণি সমস্যাসমূহ সমাপ্ত কৰি আগবাঢ়িম তেতিয়া সামৰ্থও প্ৰজ্বলিত হৈ উঠিব৷ ভাৰতৰ শক্তি তাতেই ব্যৱহাৰ হব যত প্ৰয়োজন হয়৷ চতুৰ্থ ঔদ্যোগিক ক্ৰান্তিত ভাৰতে, যুৱ ভাৰতে বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ আমি আমাৰ অৰ্থব্যৱস্থাত নতুন উচ্চতাত অৱৰোহণ কৰিব লাগিব৷ আমি সকলোৱে মিলি একত্ৰিতভাৱে আত্মনিৰ্ভৰ, সশক্ত, সমৃদ্ধ আৰু সুৰক্ষিত ভাৰত নিৰ্মাণ কৰিব লাগিব৷

     বন্ধুসকল, ২০২২, ইমান বৃহৎ অৱকাশ, এই দশক ইমান বৃহৎ অৱকাশ৷ ইয়াৰ আটাইতকৈ ডাঙৰ শক্তি হল আমাৰ তৰুণ শক্তি৷ এই শক্তিয়েই আমাৰ দেশক চম্ভালিছে আৰু এই শক্তিয়েই এই দশককো চম্ভালিব৷ আহক, কৰ্তব্যৰ পথত অগ্ৰসৰ হও৷ সমস্যাসমূহৰ সমাধানৰ আগত এতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ নতুন লক্ষ্যই আমাৰ বাবে অপেক্ষা কৰি আছে৷ এই লক্ষ্যসমূহত আমি সকলোৱে মিলি উপনীত হ, নিশ্চয় উপনীত হম আৰু এই বিশ্বাসৰ সৈতে মই মোৰ ভাষণ সামৰিছো৷

     আপোনালোকৰ দীঘলীয়া সময় ললো৷ পুনৰবাৰ অশেষ ধন্যবাদ৷

ভাৰত মাতাৰ জয়!!!

জয় হিন্দ!!!

*****

VRRK/VJ/MANN