Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেতৃত্ব, সংস্কাৰ আৰু ৰূপান্তৰ প্ৰতিফলিত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অমিতাভ কান্তে প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিফলিত কৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত ডাঙৰ সপোন দেখাৰ গুৰুত্ব আৰু পৰিবৰ্তনৰ বাবে সংস্কাৰৰ ভূমিকাৰ বিষয়ে উল্লেখ আছে। এই প্ৰবন্ধটোত স্বাস্থ্য, শিক্ষা, কৃষি আৰু মৌলিক আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত ফলাফল উন্নত কৰাৰ বাবে উচ্চাকাংক্ষী জিলা কাৰ্যসূচীৰ প্ৰভাৱ সন্দৰ্ভতো আলোকপাত কৰা হৈছে। নাগৰিক আৰু ব্যৱসায়ৰ বাবে ভাৰতক সহজ, সৰল আৰু অধিক দক্ষ কৰি তোলাৰ দিশত কেনেদৰে কেইবাটাও সংস্কাৰে অৰিহণা যোগাইছে, সেই বিষয়েও ইয়াত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

শ্ৰী @amitabhk87 ৰ এটা প্ৰবন্ধত তেওঁ প্ৰধানমন্ত্ৰীৰ কাম কৰাৰ শৈলী, ডাঙৰ সপোন দেখাৰ গুৰুত্ব আৰু সংস্কাৰে কেনেদৰে পৰিবৰ্তনক চালিত কৰি আছে, তাৰ লগতে পিএম @narendramodi ৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে প্ৰতিফলিত কৰিছে।

উচ্চাকাংক্ষী জিলা কাৰ্যসূচীয়ে কিদৰে স্বাস্থ্য, শিক্ষা, কৃষি আৰু মৌলিক আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰাৰ লগতে সংস্কাৰসমূহে ভাৰতক নাগৰিক আৰু ব্যৱসায়ৰ বাবে সহজ, সৰল আৰু অধিক দক্ষ কৰি তুলিছে, সেই বিষয়েও তেওঁ লগতে উল্লেখ কৰে।

https://indianexpress.com/article/opinion/columns/amitabh-kant-narendra-modi-leadership-10882779/lite/

***

MJPS/SS/VJ/NB