Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেদালেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি(২৪ মে’, ২০১৮)

নেদালেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি(২৪ মে’, ২০১৮)

নেদালেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি(২৪ মে’, ২০১৮)

নেদালেণ্ডছৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি(২৪ মে’, ২০১৮)


মাননীয় প্রধানমন্ত্রী তথা মোৰ বন্ধু মার্ক ৰুট,

 

সন্মানীয় প্রতিনিধিবৰ্গ,

 

সংবাদ মাধ্যমৰ সদস্যসকল,

 

বন্ধুসকল,

 

প্রধানমন্ত্রী মার্ক আৰু তেওঁৰ লগত অহা প্ৰতিনিধিবৰ্গক ভাৰতলৈ আন্তৰিকতাৰে আদৰণী জনাইছো। মই অতিশয় আনন্দিত যে প্রধানমন্ত্রী মার্কৰ লগত তেওঁৰ মন্ত্ৰীসভাৰ চাৰিজন কেবিনেট সহযোগী, হেগৰ মেয়ৰ আৰু দুশতকৈও অধিক ব্যৱসায়িক প্রতিনিধি ভাৰতলৈ আহিছে। নেদাৰলেণ্ডছৰ পৰা অহা এয়া সর্বকালৰ ভিতৰতে সর্ববৃহৎ ব্যৱসায়িক প্রতিনিধি দল। ইয়াৰ পৰা স্পষ্ট হয় যে দুয়ো দেশৰ বাণিজ্য আৰু বিনিয়োগ ক্ষেত্ৰখন কিমান সক্রিয় আৰু সম্ভাৱনাৰে পৰিপূর্ণ। ২০১৫ চনত প্রধানমন্ত্রী মার্ক ৰুট প্রথমবাৰ ভাৰত ভ্ৰমণলৈ আহিছিল। ২০১৭ চনত মই নেদাৰলেণ্ডছলৈ গৈছিলো আৰু আজি আমি তৃতীয়বাৰলৈ বৈঠকত মিলিত হৈছো। এনেকুৱা খুব কম দেশ আছে, যাৰ লগত ভাৰতৰ উচ্চপর্যায়ৰ ভ্ৰমণ ইমান ক্ষীপ্ৰগতিত হৈছে! আৰু এই ক্ষেত্ৰত ভাৰতক ব্যক্তিগতভাৱে অগ্রাধিকাৰ দিয়াৰ বাবে মই মোৰ বন্ধু মার্ক ৰুটক অন্তৰৰ পৰা অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি আমি দুয়ো আমাৰ দ্বিপাক্ষিক সম্পর্কৰ অগ্রগতিৰ সন্দৰ্ভত পর্যালোচনা কৰিছো। আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ মত বিনিময় কৰিছো। আৰু আমি উভয় দেশৰ প্রধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতো আলোচনা কৰিছো। যোৱা বছৰ মই যেতিয়া নেদাৰলেণ্ডছলৈ গৈছিলো, তেতিয়া মোৰ বন্ধু মার্ক ৰুটক অনুৰোধ কৰিছিলো নেদাৰলেণ্ডছে যাতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীক সদস্যপদ গ্রহণৰ ক্ষেত্ৰত ইতিবাচক চিন্তা কৰে! সৌৰশক্তিৰ ক্ষেত্রত নেদাৰলেণ্ডৰ ওচৰত যিবোৰ প্রযুক্তি, অভিজ্ঞতা আৰু পাৰদৰ্শী লোক আছে, তাৰ জৰিয়তে সমগ্ৰ পৃথিৱী উপকৃত হ’ব পাৰে। মই অতিশয় আনন্দিত যে আজি নেদাৰলেণ্ডছে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সদস্যপদ গ্রহণ কৰিছে। এই সিদ্ধান্তৰ বাবে প্রধানমন্ত্রী ৰুটক কৃতজ্ঞতা জনাইছো। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ পৰা আৰম্ভ কৰি বহুমাত্রিক ৰপ্তানি নিয়ন্ত্রণ শাসন ব্যৱস্থালৈকে ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত নিবিড় সহযোগিতা আৰু সমন্বয় আছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো আমাৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ এক নতুন মাত্রা প্ৰদান কৰিব।

বন্ধুসকল,

 

ডাচ কোম্পানীসমূহৰ বাবে ভাৰত নতুন ৰাষ্ট্ৰ নহয়। বহু বছৰ ধৰি শ শ ডাচ কোম্পানীয়ে ভাৰতত কাম কৰিছে। বৰ্তমানলৈকে ভাৰতত প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত নেদাৰলেণ্ডছ বিশ্বৰ পঞ্চম বৃহত্তম দেশ আৰু বিগত কেইটামান বৰ্ষত ই তৃতীয় সৰ্ববৃহৎ দেশত পৰিণত হৈছে। একেদৰে ভাৰতীয় কোম্পানীসমূহৰ বিনিয়োগৰ ক্ষেত্রতো নেদাৰলেণ্ডছ অতি আকর্ষণৰ থলী। সেইবাবেই উভয় দেশৰ প্রধান কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতো অতিকে উপযোগী আলোচনা হৈছে। মই সুখী যে নেদাৰলেণ্ডছৰ ব্যৱসায়ীসকল ভাৰতত সৃষ্ট সুযোগসমূহক লৈ উৎসাহী। তেওঁলোকক আশ্বস্ত কৰি মই কওঁ যে ভাৰতত অর্থনৈতিক সংস্কাৰৰ প্রতি মোৰ এই দায়ৱদ্ধতা বৰ্তী থাকিব। ভাৰতত বিশেষকৈ কৃষি আৰু খাদ্য প্রস্তুতকৰণৰ ক্ষেত্রসমূহ অতিকে গুৰুত্বপূর্ণ। এই বিষয়টো আমাৰ খাদ্য সুৰক্ষাৰ লগত জড়িত আৰু সমান্তৰালভাৱে আমাৰ ভাৰতৰ কৃষকসকলৰ আয় দুগুণ কৰাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো এই বিষয়টো অতিকে গুৰুত্বপূর্ণ। এই ক্ষেত্ৰসমূহত নেদাৰলেণ্ডছ যথেষ্ট পাৰদৰ্শী। যোৱা বছৰ ‘ৱর্ল্ড ফুড ইণ্ডিয়া’ত নেদাৰলেণ্ডছে গুৰুত্বপূৰ্ণ দেশ হিচাপে অংশগ্রহণ কৰিছিল। মোৰ দৃঢ় বিশ্বাস যে ২০১৯ত ইয়াৰ পৰৱর্তী সংস্কৰণত নেদাৰলেণ্ডছৰ সহযোগিতা ইয়াতকৈও অধিক হ’ব। মই সুখী যে বাৰামতিত শাক-পাচলি বিক্ৰীৰ প্রথমখন অত্যাধুনিক ইন্দো-ডাচ কেন্দ্ৰ শুভাৰম্ভ কৰা হৈছে। এনেধৰণৰ অন্য কেতবোৰ কেন্দ্রতো আমি যৌথভাবে কাম কৰিছো। একেদৰে নগৰ উন্নয়ণৰ ক্ষেত্রতো আমাৰ সহযোগিতা বৃদ্ধি পাইছে। বদোদৰা আৰু দিল্লীত পেলনীয়া জল ব্যৱস্থাপনাৰ প্রকল্পত আমি যৌথভাৱে কাম কৰিছো। বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্ৰত আমাৰ সহযোগিতাই ১০ বছৰত সম্পূৰ্ণ কৰিছো আৰু ২০১৯ চনত ভাৰতত অনুষ্ঠিত হ’ব লগীয়া ‘প্ৰযুক্তি সন্মিলন”ত নেদাৰলেণ্ডছে সহযোগী দেশ হিচাপে অংশগ্রহণৰ জৰিয়তে আমাৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিব।

 

বন্ধুসকল,

আমাৰ চৰকাৰৰ বিদেশ নীতিৰ অগ্রাধিকাৰ হ’ল বিদেশত বসবাস কৰা ভাৰতীয় সমাজৰ ওপৰত বিশেষ দৃষ্টি প্ৰদান কৰা। ২০১৭ চনত ছিন্ট মার্টিনত প্রৱল সামুদ্রিক ঘূৰ্ণীবতাহৰ প্রকোপত বিপর্যস্ত ভাৰতীয়সকলৰ উদ্ধাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্রধানমন্ত্রী ৰুট আৰু নেদাৰলেণ্ডছ চৰকাৰক বিশেষভাবে ধন্যবাদ জনাইছো।

 

মাননীয় প্রধানমন্ত্রী,

 

মই পুনৰবাৰ আপোনাৰ লগতে আপোনাৰ লগত অহা বিশিষ্ট প্রতিনিধিসকলক ভাৰতলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো।

 

ধন্যবাদ।

বহুত বহুত ধন্যবাদ।

***

AKT/SH/AK/DB