Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেদাৰলেণ্ডছৰ মহাৰাণী মেক্সিমাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেদাৰলেণ্ডছৰ মহাৰাণী মহামহিম মেক্সিমাক সাক্ষাৎ কৰে৷

উন্নয়নৰ বাবে সৰ্বব্যাপী বিত্তীয় সহযোগিতাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিবৰ বিশেষ ৰাষ্ট্ৰদূত হিচাপে মহাৰাণী মেক্সিমাই ভাৰত ভ্ৰমণলৈ আহিছে৷

প্ৰধানমন্ত্ৰী মোদী আৰু মহাৰাণী মেক্সিমাই বৈঠকত ভাৰত চৰকাৰে বিগত সময়ছোৱাত জন ধন যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ দৰে আঁচনিৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ প্ৰয়াসৰ পদক্ষেপসমূহ আলোচনা কৰে৷ এই পদক্ষেপৰ ফলস্বৰূপে ভাৰতে প্ৰগতিৰ পথত আগুৱাইছে বুলি মহাৰাণী মেক্সিমাই প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে৷

তেওঁলোকে গোলকীয় বিত্ত উন্নয়ন সন্দৰ্ভতো আলোচনা কৰে৷ মহাৰাণী মেক্সিমাই এই দিশত ভাৰতীয় কাৰিকৰী আৰু আৰ্থিক সহযোগ(আইটিইচি)আঁচনিৰ মাধ্যমেৰে ভাৰতে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে৷

***

AKT/SH/SBP/MS