Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীপুষ্প কমল দাহাল ‘প্ৰচণ্ড’ৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-নেপাল দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে আৰু প্ৰধানমন্ত্ৰী প্ৰচণ্ডৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত ৩১ মে’ৰ পৰা ৩ জুন, ২০২৩ লৈ অনুষ্ঠিত আলোচনাক অধিক আগুৱাই নিয়ে, যাতে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ গভীৰ সম্পৰ্ক অধিক শক্তিশালী হয়।

নেপাল ভাৰতৰ এক ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ চুবুৰীয়া দেশ আৰু ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ নীতিৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এই টেলিফোনিক কথোপকথনে দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ বিনিময়ৰ পৰম্পৰা অব্যাহত ৰাখিছে।

 

*******