Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নেপাল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি (১১ মে’, ২০১৮)

নেপাল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি (১১ মে’, ২০১৮)

নেপাল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি (১১ মে’, ২০১৮)

নেপাল ভ্ৰমণকালত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি (১১ মে’, ২০১৮)


প্রধানমন্ত্রী শ্রী কে পি শর্মা অলী ডাঙৰীয়া,

বিশিষ্ট অতিথিবৃন্দ,

উপস্থিত সংবাদ মাধ্যম সদস্যসকল,

নমস্কাৰ!

প্রধানমন্ত্রী জ্যু, তপাইলে মেৰী হার্দিক স্বাগত ৰ সৎকাৰ গর্নুভয়ো।

য়ছ লাই ম হার্দিক আভাৰ ব্যক্ত গর্দ ছুঁ।

বন্ধুসকল,

নেপালৰ সৈতে মোৰ সম্পর্ক বহু পুৰনা হলেও ভাৰতৰ প্রধানমন্ত্রী হিচাপে এয়া মোৰ তৃতীয় নেপাল ভ্ৰমণইয়াৰ পৰা এইটো স্পষ্ট হয় যে ভাৰত-নেপাল সম্পর্কক লৈ মোৰ লগতে আমাৰ চৰকাৰৰ দায়ৱদ্ধতা কিমান গভীৰকিন্তু মই প্রধানমন্ত্রী হিচাপে অথবা সাধাৰণ নাগৰিক হিচাপে যেতিয়া নেপাললৈ আহিছো, ইয়াৰ জনগণে মোক আপোন কৰি লৈছেইবাৰ আপোনালোকে যিদৰে উষ্ণ অভ্যর্থনা জনাইছে, তাৰ বাবে মই প্রধানমন্ত্রী অলী ডাঙৰীয়া আৰু তেওঁৰ চৰকাৰৰ লগতে নেপালবাসীৰ প্রতি কৃতজ্ঞতা জনাইছোনেপালৰ সৈতে ভাৰতৰ সম্পর্ক উভয় চৰকাৰৰ মাজত পাৰস্পৰিক সম্পর্কৰ ঊর্ধ্বত সাধাৰণ লোকৰ পাৰস্পৰিক, পাৰিবাৰিক গভীৰ আৰু মধুৰ সম্পর্কতকৈও ওপৰত।

বন্ধুসকল,

মোৰ এই ভ্ৰমণ এনে এক ঐতিহাসিক সময়ত হৈছে, যেতিয়া নেপালত যুক্তৰাষ্ট্ৰী, প্ৰাদেশিক আৰু স্থানীয়, তিনিওপ্ৰকাৰৰ নির্বাচন সফলতাৰে সম্পন্ন হৈছে নেপালৰ ইতিহাসত এই সময়ছোৱা সোনালী আখৰেৰে লিপিবদ্ধ হব। আপোনালোকে নিজৰ আশা-আকাংক্ষাক বাস্তবায়িত কৰাৰ বাবে ঐতিহাসিক জনাদেশেৰে অলী ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন চৰকাৰ নির্বাচন কৰিছে। এবছৰৰ ভিতৰতে সফলতাৰে ত্রিস্তৰীয় নির্বাচন সম্পন্ন কৰাৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোনেপালৰ ইতিহাসত প্রথমবাৰলৈ দেশৰ প্রত্যেক প্রান্তত প্রান্তিক চৰকাৰ গঢ় লৈ উঠিছে। এয়া কেৱল নেপালৰ বাবেই নহয়, ভাৰত তথা এই সমগ্র অঞ্চলৰ বাবেও এক গৌৰৱৰ বিষয়। নেপালৰ সামাজিক আৰু আর্থিক পৰিৱর্তনৰ বাবে এটি নতুন পর্যায়ত উপনীত হৈছে, যাৰ ভিত্তি হব সু-প্ৰশাসন আৰু সমতাৰ ভিত্তিত উন্নয়ন। ১০ বছৰ আগতে নেপালৰ নবীন প্রজন্মই বুলেটৰ পথ এৰি বেলটৰ পথ বাছি লৈছে। যুদ্ধৰ পৰা বুদ্ধৰ পথত আগুৱাই অহাৰ এই পৰিৱর্তনৰ বাবে মই নেপালৰ জনসাধাৰণক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো

বন্ধুসকল,

গণতান্ত্রিক মূল্যবোধে ভাৰত আৰু নেপালৰ প্রাচীন সম্পর্কক আৰু অধিক নতুন শক্তি যোগাইছে। গণতন্ত্র এনে এক শক্তি, যি সাধাৰণৰ পৰা অসাধাৰণ সকলো লোকৰ সপোন বাস্তৱ কৰাৰ সুযোগ আৰু অধিকাৰ প্রদান কৰেভাৰতে এই শক্তিক অনুভৱ কৰিছে আৰু আজি ভাৰতৰ প্রত্যেক নাগৰিকে তেওঁলোকৰ সপোন পূৰণৰ নাম উৎচৰ্গিত। মই আপোনালোক সকলোৰে চকুত সেই চমক দেখিবলৈ পাইছো, যিটো আপোনালোকেও নেপালক সেই পথত আগুৱাই নিব বিচাৰেমই আপোনালোকৰ চকুত নেপালৰ বাবে তেনেকুৱাই সপোন দেখিছোপ্রধানমন্ত্রী লী ডাঙৰীয়াই তেওঁৰ এই সপোন বাস্তবায়িত কৰাৰ প্রক্রিয়াত মই ১২৫ কোটি ভাৰতবাসী তথা ভাৰত চৰকাৰৰ হৈ বহুত বহুত শুভেচ্ছা জনাইছো

বন্ধুসকল,

যোৱা মাহত নেপালৰ প্রধানমন্ত্রী অলী ডাঙৰীয়াক দিল্লীত আদৰণী জনোৱাৰ সু্যোগ পাইছিলোনেপালক লৈ তেওঁ কি ভাবিছে, সেই বিষয়ে জনাৰ সুযোগ হৈছিল। অলী ডাঙৰীয়া তেওঁৰ সমৃদ্ধ নেপাল, সুখী নেপালীসপোন বাস্তবায়িত কৰিব বিচাৰেভাৰতেও সদায় নেপালৰ সমৃদ্ধি আৰু সুখ কামনা কৰে আৰু ভৱিষ্যতেও কৰিবভাৰতেও একেধৰণৰ সপোন লৈয়ে আগুৱাই গৈছে।

বন্ধুসকল,

আমাৰ চৰকাৰৰ মূলমন্ত্র হৈছে সকলোৰে সৈতে সকলোৰে উন্নয়নসমাজৰ কোন অংশ, দেশৰ কোনো প্রান্ত যেন এই উন্নয়ন ধাৰাৰ পৰা বঞ্চিত নহয়, আমি সদায় সেই প্রচেষ্টা অব্যাহত ৰাখিছো। তাৰ ফলস্বৰূপে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ সর্বত্রে উন্নয়নৰ ৰথ চলিবলৈ আৰম্ভ কৰিছে। স্বাধীনতাৰ পাছৰ পৰা যিবোৰ অঞ্চলত উন্নয়নৰ পোহৰ একেবাৰে পৰা নাছিল, আমাৰ চৰকাৰে সেই অঞ্চলসমূহৰ উন্নয়নক অগ্রাধিকাৰ দিছে। বিশেষকৈ পূর্বাঞ্চল-নেপালৰ সীমান্তৱর্তী ৰাজ্যসমূহ; উত্তৰ প্রদেশৰ পৰা আৰম্ভ কৰি বিহাৰ, পশ্চিমবংগ আৰু ওড়িশা তথা উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহক দেশৰ অন্যান্য অঞ্চলৰ সমান কৰি তোলাৰ সংকল্প লৈ আমি কাম কৰি আহিছোএই অঞ্চলসমূহত যি উন্নয়ন হৈছে, তাৰ দ্বাৰা নিশ্চিতভাৱে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে নেপাল সর্বাধিক লাভবান হ

বন্ধুসকল,

আমাৰ জল ব্যৱস্থাপনা আৰু শক্তি সহযোগিতাৰ ক্ষেত্রত আমি আজি এক নতুন অধ্যায় সূচনা কৰিছোপ্রধানমন্ত্রী লী ডাঙৰীয়াৰ সৈতে একেলগে আজি ৯০০ মেগাৱাট শক্তি উৎপাদনক্ষম অৰুণ-৩ বিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন সৌভাগ্য হৈছে। প্রায় ৬ হাজাৰ কোটি ভাৰতীয় টকা বিনিয়োগেৰে এই প্রকল্প নেপালত থকা বিদ্যুৎ প্ৰকল্পৰ ভিতৰতে সর্ববৃহৎ প্রকল্প হিচাপে পৰিগণিত হৈছে। এইদৰে জল, স্থল আৰু মহাকাশৰ জৰিয়তে পাৰস্পৰিক সম্পর্ক আৰু সুদৃঢ় কৰি তুলিব লাগিবজনসাধাৰণৰ মাজত সম্পর্ক যিমান প্রস্ফুটিত, ফলপ্ৰসূ আৰু শক্তিশালী হব, যোগাযোগৰ ক্ষেত্রতো সমানেই গুৰুত্বপূর্ণ। সেইবাবে আমি ভাৰত আৰু নেপালৰ মাজত যোগাযোগ বৃদ্ধিত অগ্রাধিকাৰ প্ৰদান কৰিছো।

বন্ধুসকল,

ভাৰত আৰু নেপালৰ সম্পর্ক শক্তিশালী কৰিবলৈ আমাৰ মুক্ত সীমান্তই বিশেষ ভূমিকা পালন কৰিছে। কোনো অবাঞ্চিত শক্তিক আমি এই মুক্ত সীমান্তৰ অপব্যৱহাৰ কৰিবলৈ নিদিওযোৱা মাহত আমি দুয়ো বীৰগঞ্জত প্রথম ইন্টিগ্রেটেড চেক পোষ্টৰ উদ্বোধন কৰিছোএই চেক পোষ্ট যেতিয়া পূর্ণ শক্তিৰে কাম আৰম্ভ কৰিব, তেতিয়া সীমান্ত বাণিজ্য আৰু আহ-জাহ যথেষ্ট সহজ হৈ পৰিবজয়নগৰ-জনকপুৰ ৰেলপথৰ কামো দ্রুতগতিত আগবাঢ়িছে।

বন্ধুসকল,

যোৱা মাহত অলী ডাঙৰীয়াৰ সৈতে দিল্লীত আৰু আজি ইয়াত আলোচনাৰ মাধ্যমে যি নতুন সম্পর্কৰ সূচনা হৈছে, ই আমাৰ সম্পর্কত এটি নতুন প্রাণশক্তি সঞ্চাৰ কৰিছে। নেপালক লৈ তেওঁ কি ভাবিছে, তাক জনাৰ সুযোগ হৈছিল। অলী ডাঙৰীয়াই তেওঁৰ সমৃদ্ধ নেপাল, সুখী নেপালী সপোন বাস্তবায়িত কৰিব বিচাৰেআমিও তাই বিচাৰোআজি যেতিয়া মই ভাৰত-নেপাল সম্পর্কক লৈ ভাবো, তেতিয়া অতিশয় আশাবাদী হৈ উঠেএই আশা, বিশ্বাস, ভৰসা আৰু পাৰস্পৰিক বন্ধুত্বৰ ভাবনাক লৈ মই পুনৰবাৰ প্রধানমন্ত্রী অলী ডাঙৰীয়া, তেওঁৰ চৰকাৰ আৰু নেপালবাসীক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো

ভাৰত নেপাল মৈত্রী

অমৰ হওঁক

ধন্যবাদ।

***

AKT/SH/VK/DB