Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ন্যায়পালিকাৰ বাবে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেট বৈঠকত ন্যায়পালিকাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ কেন্দ্রীয় চৰকাৰৰ সাহাৰ্যপ্রাপ্ত আঁচনিসমূহ দ্বাদশ পঞ্চবার্ষিকী পৰিকল্পনাৰ সময়ৰ পাছতো ১.৪.২০১৭ ৰ পৰা ৩১.৩.২০২০ লৈকে অব্যাহত ৰখাৰ সিদ্ধান্তত অনুমোদন জনাইছে। বিচাৰপতি আৰু আইনগত সংস্কাৰৰ বিষয়ত ৰাষ্ট্ৰীয় অভিযানৰ মাধ্যমত অভিযানৰ অধীনত এই আঁচনি কাৰ্যকৰী কৰা হ’ব। ইয়াৰ বাবে আনুমানিক ৩,৩২০ কোটি টকা ধাৰ্য কৰা হৈছে।

কেবিনেটে বিচাৰবিভাগৰ লগতে অনলাইন নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰো এক সিদ্ধান্তত অনুমোদন জনায়। ইয়াৰ ফলত আদালতৰ কোঠা আৰু নির্মীয়মান আবাসস্থল গঢ়ি তোলাৰ কামৰ অগ্রগতিৰ বিষয়ে তথ্য সংগ্রহ কৰাৰ সুবিধা হ’ব। তদুপৰি, ভৱিষ্যতে সমগ্ৰ দেশ জুৰি এনে আঁচনি ৰূপায়ণৰ বিষয়েও তথ্য ইয়াৰ মাধ্যমে সংগ্রহ কৰা সম্ভৱ হ’ব।

আঁচনিৰ সুবিধাসমূহঃ

এই আঁচনি ৰূপায়ণৰ ফলত সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি/জিলা আৰু নিম্ন আদালতৰ বিচাৰকসকলৰ বাবে উপযুক্ত আদালতৰ হল আৰু বাসস্থানৰ ব্যৱস্থা কৰিব পৰা যাব। জিলাৰ উপৰি মহকুমা, তালুক, তহচিল, গাওঁ পঞ্চায়ত তথা গাওঁ পর্যায়লৈকে এই সুবিধা উপলব্ধ হ’ব। ইয়াৰ ফলত সমগ্ৰ দেশতে বিচাৰকসকলৰ কাম-কাজৰ উন্নয়ন হোৱাৰ লগতে প্রত্যেক নাগৰিকৰ বাবে সুবিচাৰৰ ব্যৱস্থা গঢ়ি তুলিব পৰা যাব।

আর্থিক সাহাৰ্যঃ

ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্রশাসনৰ এলেকাধীন আদালতৰ হলঘৰ আৰু নিম্ন আদালতৰ বিচাৰকসকলৰ বাবে বাসস্থানৰ ব্যৱস্থা সংক্রান্তীয় আন্তঃগাঁথনি উন্নয়নত কেন্দ্রীয় সাহাৰ্যপ্রাপ্ত আঁচনিত কেন্দ্রীয় চৰকাৰে আর্থিক সাহাৰ্য প্ৰদান কৰিব। এই আঁচনিত উত্তৰ-পূবৰ লগতে হিমালয়ৰ পাদদেশত অৱস্থিত ৰাজ্যসমূহৰ বাদে অন্যান্য ৰাজ্যেৰ বাবে কেন্দ্র আৰু ৰাজ্যৰ মাজত ব্যয়ৰ অনুপাত ৬০:৪০। উত্তৰ-পূব আৰু হিমালয়ৰ পাদদেশত অৱস্থিত ৰাজ্যসমূহৰ বাবে এই অনুপাত হৈছে ৯০:১০। আনহাতে কেন্দ্রীয় শাসিত অঞ্চলত কেন্দ্রীয় চৰকাৰে ১০০ শতাংশ ব্যয় বহন কৰিব। এই আঁচনি ৰূপায়ণৰ ফলত সমগ্ৰ দেশৰ জিলা আৰু নিম্ন আদালতৰ বিচাৰকসকলৰ বাবে ৩০০০ আদালত হল আৰু ১,৮০০ বাসস্থান নির্মাণ সম্পূর্ণ কৰা সম্ভৱ হ’ব।

আঁচনিৰ নিৰীক্ষণঃ

বিচাৰ বিভাগৰ ফালৰ পৰা অনলাইনত আঁচনিৰ ওপৰত নিৰীক্ষণ কৰাৰ লগতে কামৰ অগ্রগতি আৰু চোৱা-চিতা কামৰ তথ্য সংগ্রহ কৰাৰ বাবে এটি ব্যবস্থা গঢ়ি তোলা হ’ব। বিভিন্ন ৰাজ্যৰ মুখ্য সচিবৰ নেতৃত্বত গঠন হ’ব লগীয়া নিৰীক্ষণ কমিটীয়ে পিডব্লিউডি বিভাগৰ বিষয়াৰ সৈতে দ্রুত কার্য সম্পাদন আৰু যথাযথভাৱে নির্মাণৰ কাম কৰাৰ বাবে নিয়মীয়াকৈ বৈঠকত মিলিত হ’ব। তদুপৰি, কেন্দ্রীয় চৰকাৰে প্ৰদান কৰা ধন ৰাজ্য চৰকাৰসমূহে যাতে পিডব্লিউডি বিভাগক অনতিপলমে প্রদান কৰে, তাৰবাবেও নিৰীক্ষণ কৰা হ’ব।

পটভূমিঃ  : 
১৯৯৩-৯৪ বর্ষৰ পৰা বিচাৰকসকলৰ বাবে আন্তঃগাঁথনিমুলক সুবিধা গঢ়ি তুলিবলৈ কেন্দ্রীয় সাহাৰ্যপ্রাপ্ত এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক আৰু অধিক পৰিমাণে সহায়ক সম্পদ দি সহায় কৰিব। জিলা আৰু নিম্ন আদালতসমূহৰ বিচাৰবিভাগীয় বিষয়া আৰু বিচাৰকসকলৰ বাবে আদালত, হল আৰু বাসস্থানৰ ব্যৱস্থা কৰাৰ লক্ষ্যৰে পৰিচালিত এই আৰ আঁচনিত ৰাজ্য চৰকাৰ আৰু কেন্দ্রূীয় শাসিত অঞ্চলসমূহৰ প্রশাসনক কেন্দ্রীয় সাহাৰ্য প্ৰদান কৰি অহা হৈছে।  

 

***

AKT/VBA/SH/DB