Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে

পশ্চিম এছিয়াত চলি থকা  সংঘাতৰ প্ৰেক্ষাপটত পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা  আৰু প্ৰশমনমূলক ব্যৱস্থাসমূহৰ  বিষয়ে আলোচনা  কৰিবলৈ চিচিএছ বৈঠকৰ অধ্যক্ষতা কৰিলে  প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ বৈঠকত  চলি থকা পশ্চিম এছিয়া সংঘাতৰ প্ৰেক্ষাপটত প্ৰশমনমূলক ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়ায়।

কেবিনেট সচিবে বিশ্বৰ পৰিস্থিতি আৰু ভাৰত চৰকাৰৰ সংশ্লিষ্ট সকলো মন্ত্ৰালয়/বিভাগে এতিয়ালৈকে গ্ৰহণ কৰা আৰু পৰিকল্পনা কৰা প্ৰশমনমূলক ব্যৱস্থাসমূহৰ বিষয়ে বিশদভাৱে উপস্থাপন কৰে। কৃষি, সাৰ, খাদ্য সুৰক্ষা, পেট্ৰলিয়াম, শক্তি, এম এছ এম ই, ৰপ্তানিকাৰক, জাহাজ, বাণিজ্য, বিত্ত, যোগান শৃংখল আৰু সকলো ক্ষতিগ্ৰস্ত খণ্ডৰ দৰে খণ্ডসমূহৰ মাজত আশা কৰা ধৰণৰ প্ৰভাৱ আৰু ইয়াৰ সমাধানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। দেশৰ সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতি আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয়।

পশ্চিম এছিয়াত চলি থকা সংঘাতে বিশ্ব অৰ্থনীতিত যথেষ্ট হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব আৰু ভাৰতত পৰিব পৰা  ইয়াৰ প্ৰভাৱৰ মূল্যায়ন কৰা হয় আৰু তাৎক্ষণিক তথা দীৰ্ঘম্যাদী উভয় ধৰণৰ প্ৰতিকাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

খাদ্য, শক্তি আৰু ইন্ধনৰ সুৰক্ষাকে ধৰি সাধাৰণ মানুহৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ বাবে সামগ্ৰীৰ উপলব্ধতাৰ বিষয়ে  বিশদভাবে  মূল্যায়ন কৰা হয় । অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাসমূহৰ অবিৰত উপলব্ধতা নিশ্চিত কৰিবলৈ হ্ৰস্বম্যাদী, মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।

কৃষকৰ ওপৰত এনে ঘটনাৰ প্ৰভাৱ আৰু খাৰিফ বতৰৰ বাবে তেওঁলোকৰ সাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে  মূল্যায়ন কৰা হয় । সাৰৰ পৰ্যাপ্ত মজুত ৰখাৰ বাবে যোৱা কেইবছৰমানৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাসমূহে সময়মতে উপলব্ধতা আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰিব বুলি মতপোষণ কৰা হয়। ভৱিষ্যতৰ বাবে  সাৰৰ বিকল্প উৎসৰ বিষয়ে আলোচনা কৰা হয়।

লগতে নিৰ্ধাৰণ কৰা হয় যে সকলো বিদ্যুৎ কেন্দ্ৰত কয়লাৰ মজুতৰ পৰ্যাপ্ত যোগানে ভাৰতত বিদ্যুতৰ অভাৱ দূৰ কৰাটো  নিশ্চিত কৰিব।

ৰাসায়নিক পদাৰ্থ, ঔষধ, পেট্ৰ’কেমিকেল আৰু অন্যান্য উদ্যোগ খণ্ডৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ আমদানিৰ উৎসৰ  বিষয়ে আলোচনা কৰা হয়। একেদৰে অদূৰ ভৱিষ্যতে ভাৰতীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে নতুন ৰপ্তানি গন্তব্যস্থান গঢ়ি তোলা হ’ব।

বিভিন্ন মন্ত্ৰালয়ে প্ৰস্তাৱ কৰা কেইবাটাও ব্যৱস্থা সকলো অংশীদাৰৰ সৈতে আলোচনাৰ অন্তত আগন্তুক দিনত প্ৰস্তুত কৰি কাৰ্যকৰী কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে সমগ্ৰ চৰকাৰী দৃষ্টিভংগীত নিষ্ঠাবানভাৱে কাম কৰিবলৈ মন্ত্ৰী আৰু সচিবৰ এটা দল গঠন কৰা হওক। প্ৰধানমন্ত্ৰীয়ে খণ্ডগত গোটসমূহক সকলো অংশীদাৰৰ সৈতে আলোচনা কৰি কাম কৰিবলৈও নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সংঘাত এক বিৱৰ্তনশীল পৰিস্থিতি আৰু সমগ্ৰ বিশ্বই  কিবা  নহয়  কিবা  ৰূপত প্ৰভাৱান্বিত  হৈছে। এনে পৰিস্থিতিত এই সংঘাতৰ প্ৰভাৱৰ পৰা নাগৰিকক ৰক্ষা কৰিবলৈ সকলো প্ৰচেষ্টা চলাব লাগিব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে চৰকাৰৰ সকলো বিভাগে একেলগে কাম কৰি নাগৰিকৰ অসুবিধা কম কৰাটো নিশ্চিত কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্য চৰকাৰসমূহৰ সৈতে সঠিক সমন্বয়ৰ বাবেও আহ্বান জনায়, যাতে কোনো ধৰণৰ ক’লা বজাৰ আৰু গুৰুত্বপূৰ্ণ সামগ্ৰীৰ অবৈধ মজুতকৰণ নহয়।

***

MJPS/PRK/DM