পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াত সংঘৰ্ষৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিক আদৰণি জনাইছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সংঘাতে সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক ব্যাঘাতৰ সৃষ্টি কৰাৰ লগতে বহুতো দেশত প্ৰাণহানি ঘটাইছে।
প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই বুজাবুজিৰ ফলত অঞ্চলটোলৈ শান্তি আৰু সুস্থিৰতা উভতি অহাত সহায় হোৱাৰ উপৰি নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত হ’ব।
শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এক বহনক্ষম চূড়ান্ত চুক্তিত উপনীত হোৱাৰ বাবে বাকী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে আগ্ৰহী।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
“সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক ব্যাঘাতৰ সৃষ্টি কৰাৰ লগতে বহুতো দেশত প্ৰাণহানি ঘটোৱা পশ্চিম এছিয়া সংঘৰ্ষৰ সমাপ্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত হোৱা বুজাবুজিক মই আদৰণি জনাইছো ।
ভাৰতে আশা কৰে যে এই বুজাবুজিৰ কাৰ্যকৰীকৰণে অঞ্চলটোলৈ শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ লগতে নৌ পৰিবহণ আৰু বাণিজ্যৰ স্বাধীনতা নিশ্চিত কৰিব।
আমি এক বহনক্ষম চূড়ান্ত চুক্তিত উপনীত হোৱাৰ বাবে বাকী বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে আগ্ৰহী।”
I welcome the understanding reached between the United States and Iran on ending the conflict in West Asia, which has caused serious economic disruption across the world and led to loss of life in many countries.
India hopes that the implementation of this understanding will…
— Narendra Modi (@narendramodi) June 15, 2026
****
MJPS/SS/ST/DD