Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জনালে  প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শুভেন্দু অধিকাৰীক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰী শুভেন্দু অধিকাৰীয়ে জনসাধাৰণৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থকা আৰু তেওঁলোকৰ আকাংক্ষাক ওচৰৰ পৰা বুজি পোৱা এজন নেতা হিচাপে স্থান দখল কৰিছে। শ্ৰী মোদীয়ে আগন্তুক কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে  শ্ৰী দিলীপ ঘোষ, শ্ৰীমতী অগ্নিমিত্ৰা পাল, শ্ৰী অশোক কীৰ্তনিয়া, শ্ৰী ক্ষুদিৰাম টুডু আৰু শ্ৰী নিশিথ প্ৰমাণিকক  পশ্চিম বংগ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে এই নেতাসকলে তৃণমূল পৰ্যায়ত অক্লান্তভাৱে কাম কৰি জনসাধাৰণৰ সেৱা কৰিছে। মন্ত্ৰী হিচাপে পশ্চিম বংগৰ উন্নয়ন যাত্ৰাক আৰু অধিক শক্তিশালী কৰিব বুলি আস্থা প্ৰকাশ কৰি তেওঁলোকক শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

‘পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত শুভেন্দু অধিকাৰী জীলৈ অভিনন্দন।ৰাইজৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থকা আৰু তেওঁলোকৰ আকাংক্ষাক ঘনিষ্ঠ ফালৰ পৰা বুজি পোৱা এজন নেতা হিচাপে তেওঁ এক বিশেষ  স্থান দখল কৰিছে।আগন্তুক  কাৰ্যকালৰ বাবে তেখেতলৈ মোৰ শুভেচ্ছা জনাইছো।

@SuvenduWB”

 

 

“পশ্চিম বংগ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে দিলীপ ঘোষ জী, অগ্নিমিত্ৰা পাল জী, অশোক কীৰ্তনিয়া জী, ক্ষুদিৰাম টুডু জী আৰু নিশিথ প্ৰামাণিক জীলৈ অভিনন্দন।

@DilipGhoshBJP

@paulagnimitra1

@NisithPramanik”

 

****

MJPS/SS/ST/DM