Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি নতুন দিল্লীত পি আই অ’ – সংসদীয় সভাৰ আদৰণি অনুষ্ঠানত ভাষণ দিয়ে।

প্ৰতিনিধিসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বহুত মানুহে যোৱা এশ বছৰৰ ভিতৰত ভাৰত এৰি গৈছে যদিও তেওঁলোকে হৃদয়ত ভাৰতক এতিয়াও জীয়াই ৰাখিছে। আচৰিত নহয় যে ভাৰতীয় মূলৰ মানুহে য’লৈকে গৈছে সেই ঠাইৰ সাঁচত নিজকে ঢালি পেলাইছে, কিন্তু তেওঁলোকৰ মনৰ ভিতৰত ভাৰতীয়ত্বক জীয়াই ৰাখিছে, ভাৰতীয় ভাষা কৈছে, সাজ-পাৰ পৰিধান কৰিছে, ভাৰতীয় খাদ্য খাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, আজি নতুন দিল্লীত ভাৰতীয় মূলৰ মানুহেৰে গঢ়া এখন ক্ষূদ্ৰাকায় বিশ্ব সংসদ গঢ় লৈ উঠা যেন লাগিছে। মৰিচাছ, পৰ্তূগাল আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীসকলেই আজি ভাৰতীয় মূলৰ মানুহ।ভাৰতীয় মূলৰ বহু মানুহ আজি বহু দেশৰ চৰকাৰৰ মূৰব্বীৰ পদত অধিষ্ঠিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা তিনিবছৰত ভাৰত সম্পৰ্কে বিশ্ববাসীৰ ধাৰণা সলনি হৈছে। কাৰণ ভাৰত সলনি হৈছে। ভাৰতত আশাৰ সঞ্চাৰ হৈছে। প্ৰতিটো খণ্ডতে স্থায়ী পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, পি আই অ’ সকল ভাৰতৰ স্থায়ী দূতৰ দৰে, তেওঁলোকে য’তেই বাস কৰে, মই তালৈ গ’লে সদায়ে তেওঁলোকক লগ কৰিবলৈ চেষ্টা কৰো।

বিদেশ মন্ত্ৰী শ্ৰীমতা সুষমা স্বৰাজে বিদেশত ভাৰতীয় মানুহে সন্মূখীন হোৱা সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক প্ৰশংসা কৰে। এই ক্ষেত্ৰত তেওঁ ‘মদদ’ পৰ্টেলৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ উন্নয়নৰ অংশীদাৰ হিচাপে গণ্য কৰে। তেওঁ কয় যে, নীতি আয়োগে তৈয়াৰ কৰা খচৰা অনুযায়ী ২০২০ চনলৈকে কৰ্ম আঁচনিত প্ৰৱাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, অস্থিৰ সময়ত ভাৰতীয় সভ্যতা তথা সংস্কৃতিয়ে সমগ্ৰ বিশ্বক বাট দেখুৱাব পাৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ এচিয়ান দেশসমূহৰ লগত নিবিড় সম্পৰ্ক আছে যিবোৰ এইবাৰৰ গণতন্ত্ৰ দিৱসত প্ৰদৰ্শন কৰা হ’ব।

******

AKT/AK/HS /PRK