পি এম ইণ্ডিয়া
অ’ৰোভিলেৰ সোণালী জয়ন্তী সপ্তাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অত্যন্ত সুখী৷ শ্ৰী অৰৱিন্দৰ আধ্যাত্মিক আদৰ্শ আৰু নেতৃত্বই আমাক আজিও অনুপ্ৰাণিত কৰি আহিছে৷
প্ৰকৃতাৰ্থত অ’ৰোভিলে হ’ল সেই আদৰ্শৰ অভিব্যক্তি৷ বিগত পাঁচটা দশকত ই সামাজিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷
বন্ধুসকল,
শ্ৰী অৰবিন্দৰ সুদূৰপ্ৰসাৰী চিন্তা আৰু কৰ্মক স্মৰণ কৰাতো এই সময়ত গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ বিশ্ব আৰু মানৱ জাতিৰ কল্যাণৰ বাবে তেওঁ গোটেই জীৱন উৎসৰ্গা কৰিছিল৷
বন্ধুসকল, মাই অ’ৰোভিলেক এক সাৰ্বজনীন চহৰ হিচাপে গণ্য কৰি গৈছে৷ অ’ৰোভিলেৰ উদ্দেশ্য হ’ল মানবীয় একতাক অনুভৱ কৰা৷
ইয়াত উপস্থিত বৃহৎ পৰিমাণৰ জনসমুদ্ৰ এই চিন্তাৰ এক প্ৰতিবিম্ব৷ বছৰ বছৰ ধৰি ভাৰত বিশ্বৰ বাবে এক আধ্যাত্মিক স্থল হিচাপে চিহ্নিত হৈ আহিছে৷ নালন্দা আৰু তক্ষশিলাৰ দৰে মহান বিশ্ববিদ্যালয়ে সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছে৷ বিশ্বৰ এনেক মহান ধৰ্মৰ জন্ম ইয়াতে হৈছে৷ তেওঁ সকলো ক্ষেত্ৰৰ সৈতে জড়িত লোকক নিজৰ দৈনন্দিন কাম-কাজত আধ্যাত্মিকতাৰ চিন্তাক আকোৱালি ল’বলৈ প্ৰেৰিত কৰিছিল৷
শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰি ভাৰতৰ মহান পৰম্পৰাক মান্যতা প্ৰদান কৰিলে৷ অৰোভিলেই সীমা আৰু পৰিচয়ৰ পৰা দূৰত থাকি পুৰুষ আৰু মহিলা, যুৱক-যুৱতী আৰু বয়োজেষ্ঠসকলক একগোট কৰাৰ কাম কৰি আছে৷
মোক কোৱা হৈছে যে ১৯৬৮ চনত অৰোভিলেৰ প্ৰতিষ্ঠা দিৱসত ১২৪খন দেশৰ প্ৰতিনিধিয়ে অংশ লৈছিল আৰু আজি ইয়াত ৪৯খন দেশৰ ২৪০০ লোকে বাস কৰে৷
মহৰ্ষি অৰবিন্দৰ জ্ঞানৰ দৰ্শনে মানৱ জাতিৰ লগতে সমগ্ৰ বিশ্বক চুই যায়৷ এয়া ঈশভাষ্য উপনিষদৰ কাহিনীৰ সৈতে মিল আছে৷ মহাত্মা গান্ধীয়ে ইয়াৰ অনুবাদ কৰিছিল, যাৰ তাৎপৰ্য হ’ল—ক্ষুদ্ৰতম অণুটোৰো দৈৱিক শক্তি আছে৷
অৰোভিলেৰ তৃতীয়টো উচ্চ নীতি হ’ল যে ইয়ে ভূত আৰু ভৱিষ্যতৰ মাজত এক সেতু হিচাপে থিয় দিব৷ যদি কোনোবাই লক্ষ্য কৰে যে ১৯৬৮ত যেতিয়া অৰোভিলেৰ প্ৰতিষ্ঠা হৈছিল, তেতিয়া বিশ্ব আৰু ভাৰত কি অৱস্থাত আছিল, বিশ্ব উপখণ্ড হৈ আছিল আৰু শীতল যুদ্ধৰ অৱস্থা আছিল৷ অৰোভিলেৰ চিন্তাধাৰাই বিশ্বক ব্যৱসায়, ভ্ৰমণ আৰু যোগাযোগ ব্যৱস্থাৰে সংযুক্ত কৰে৷
অৰোভিলেৰ চতুৰ্থটো মুখ্য বিচাৰ হ’ল—ই সামৰিক বিশ্বক আধ্যাত্মিক আৰু ভৌতিক দৃষ্টিকোণেৰে সাঙুৰি লয়৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে বিশ্ব ভৌতিক দৃষ্টিকোণেৰে আগুৱাই আছে, গতিকে ইয়াক সামাজিক ব্যৱস্থা আৰু স্থিৰতাৰ বাবে আধ্যাত্মিক চিন্তাৰ প্ৰয়োজন হ’ব৷
অৰোভিলেত আমি ভৌতিক আৰু আধ্যাত্মিক সৌহাদ্যৰ সৈতে সহবাস কৰো৷ অৰোভিলেৰ পঞ্চমটো মুখ্য বিচাৰ হ’ল—ই শিক্ষা আৰু প্ৰগতিৰ স্থান হৈ থাকিব, যাতে ইয়াত স্থৱিৰতা আহি নপৰে৷ মানৱতাৰ প্ৰগতিয়ে অবিৰাম চিন্তা আৰু বাৰম্বাৰ চিন্তা কৰাৰ আহ্বান কৰে, যাতে মানুহৰ মস্তিষ্ক একেটা চিন্তাতে আৱদ্ধ হৈ নাথাকে৷
সত্য কথাটো হ’ল যে অৰোভিলেই বিভিন্ন ক্ষেত্ৰৰ লোক আৰু বিচাৰক একেটা স্থানলৈ আনিছে, য’ত সংবাদ আৰু চৰ্চা স্বাভাৱিক হয়৷
ভাৰতীয় সমাজ মৌলিক ৰূপত বিবিধতাৰে ভৰা৷ ইয়াৰ পৰা সংবাদ আৰু দৰ্শনৰ পৰম্পৰা প্ৰত্যুৎসাহিত হৈছে৷ অৰোভিলেই বৈশ্বিক বিবিধতাক এক স্থানলৈ আনি বিশ্বৰ সন্মুখত প্ৰাচীন পৰম্পৰাক প্ৰদৰ্শন কৰিছে৷
ভাৰতে সদায় বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ মাজত সন্মান আৰু সহাৱস্থানক অনুমতি দি আহিছে৷ ভাৰত গুৰুকুলৰ শতাব্দী প্ৰাচীন পৰম্পৰাৰ বাসগৃহ, য’ত শিক্ষা কেৱল শ্ৰেণীকোঠাৰ ভিতৰতে আৱদ্ধ নহয়, শিক্ষা এক জীৱন্ত প্ৰয়োগশালা৷ প্ৰাচীন সময়ত আমাৰ সন্ত আৰু ঋষিসকলে মহান কাৰ্য আৰম্ভ কৰিবলৈ যজ্ঞ কৰিছিল৷ কেতিয়াবা কেতিয়াবা এই যজ্ঞই ইতিহাস ৰচনা কৰিছিল৷ একতাৰ বাবে এনেকুৱা এক যজ্ঞ ঠিক ৫০ বছৰ পূৰ্বে ইয়াত আয়োজন কৰা হৈছিল৷ বিশ্বৰ সকলো প্ৰান্তৰ পৰা পুৰুষ-মহিলাই মাটি লৈ আহিছিল, মাটিৰ মিশ্ৰণ কৰি একতাৰ যাত্ৰা আৰম্ভ কৰিছিল৷
বিশ্বই বিগত সময়ছোৱাত অৰোভিলেৰ পৰা বিভিন্ন ৰূপত ইতিবাচক সম্পদ লাভ কৰিছে৷ সেয়া লাগিলে নিৰন্তৰ শিক্ষা, পৰিৱেশ পুনৰ্জীৱিকৰণ, নৱীকৰণযোগ্য শক্তি, জৈৱিক কৃষি, উপযুক্ত ভৱন নিৰ্মাণ প্ৰযুক্তি, জল ব্যৱস্থাপনা অথবা জাৱৰ ব্যৱস্থাপনা৷ অৰোভিলে সকলো দিশৰ পৰা অগ্ৰণী আছিল৷
আপোনালোকে দেশত উন্নত মানৰ শিক্ষা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ঠখিনি কৰিছে৷ অৰোভিলেৰ ৫০বছৰ পূৰ্তি উপলক্ষে মই আশা কৰো যে আপোনালোকে এই দিশত প্ৰচেষ্টা বৃদ্ধি কৰি যাব৷ শিক্ষাৰ জৰিয়তে যুৱ মনক সেৱা আগবঢ়োৱাটো শ্ৰী অৰবিন্দ আৰু মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি হ’ব৷
আপোনালোকৰ বহুতে হয়তো অৱগত নহয় যে শিক্ষাৰ প্ৰতি আপোনালোকৰ বৰঙণিৰ মই এগৰাকী অনৰাগী৷ শ্ৰী কিৰীৎ ভাই যোশী শ্ৰী অৰবিন্দৰ একান্ত শিষ্য আৰু মাদাৰ এগৰাকী প্ৰখ্যাত শিক্ষাবিদ আছিল৷
মই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে তেওঁ মোৰ শিক্ষা উপদেষ্টাও আছিল৷ তেওঁ আজি আমাৰ মাজত নাই৷ কিন্তু ভাৰতবৰ্ষৰ শিক্ষা খণ্ডলৈ তেওঁৰ বৰঙণি সদায় স্মৰণীয় হৈ ৰ’ব৷
বন্ধুসকল,
ঋক বেদত উল্লেখ আছিল— সকলো দিশৰ পৰা পবিত্ৰ চিন্তাধাৰা আমাৰ মাজলৈ আহিব দিয়ক৷
মই আশা কৰো যে অৰোভিলেই এই দেশৰ সাধাৰণ নাগৰিকক সৱল কৰিবলৈ নতুন নতুন চিন্তা-চৰ্চাৰে সদায় আগুৱাই আহিব৷
দূৰ-দূৰণিৰ লোকেও তেওঁলোকক নতুন চিন্তা-চৰ্চাৰে সমৃদ্ধ কৰিব৷ অৰোভিলে বিশ্বৰ বাবে পথ প্ৰদৰ্শক হওক৷
মনৰ সংকীৰ্ণতা দূৰ কৰাৰ ক্ষেত্ৰত অৰোভিলে হওক অভিভাৱকস্বৰূপ৷ মানৱতাৰ ঐক্য-সংহতিক উদযাপন কৰিবলৈ ই সকলোকে আমন্ত্ৰণ জনাই থাকিব বুলি মই আশাবাদী৷
মহাঋষি অৰবিন্দ আৰু ডিভাইন মাদাৰৰ সাহস আৰু কৰ্মশক্তিয়ে অৰোভিলেক সদায় উজ্জীৱিত কৰি ৰাখক৷ তাৰেই কামনা কৰিছো৷
ধন্যবাদ৷
****
AKT/HS/MS
It is important today to remember the vast extent of action and thought of Shri Aurobindo. A man of action, a philosopher, a poet, there were so many facets to his character. And each of them was dedicated to the good of the nation and humanity: PM @narendramodi
— PMO India (@PMOIndia) February 25, 2018
Auroville has brought together men and women, young and old, cutting across boundaries and identities. I understand that Auroville’s Charter was hand-written in French by the Divine Mother herself. According to the Charter, the Mother set five high principles for Auroville: PM
— PMO India (@PMOIndia) February 25, 2018
Maharishi Aurobindo’s philosophy of Consciousness integrates not just humans, but the entire universe. This matches with the ancient saying: “ईशावास्यम इदम सर्वम्.” This has been translated by Mahatma Gandhi to mean “everything down to the tiniest atom is divine”: PM
— PMO India (@PMOIndia) February 25, 2018
As the world progresses materially through science and technology, it will increasingly long for and need spiritual orientation for social order and stability. At Auroville, the material and the spiritual, co-exist in harmony: PM
— PMO India (@PMOIndia) February 25, 2018
The fact that Auroville has brought together such huge diversity of people and ideas makes dialogue and debate natural. Indian society is fundamentally diverse. It has fostered dialogue & a philosophic tradition. Auroville show-cases this ancient Indian tradition to the world: PM
— PMO India (@PMOIndia) February 25, 2018
India has always allowed mutual respect & co-existence of different religions and cultures. India is home to the age old tradition of Gurukul, where learning is not confined to classrooms. Auroville too has developed as a place of un-ending and life-long education: PM
— PMO India (@PMOIndia) February 25, 2018