পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতিৰ জৰিয়তে ২৩ সংখ্যক বাৰ্তালাপৰ অধ্যক্ষতা কৰে।
ইয়াৰ পূৰ্বে প্ৰগতিৰ ২২ সংখ্যক বাৰ্তালাপত সৰ্বমুঠ ৯.৩১ লাখ কোটি টকা ব্যয় সাপেক্ষ ২০০ টা প্ৰকল্পৰ সামগ্ৰিক পৰ্যালোচনা কৰে। ১৭ খণ্ডৰ ৰাজহুৱা অভিযোগো নিষ্পত্তি কৰা হয়।
ইফালে, আজি ২৩ সংখ্যক বৈঠকত প্ৰধানমন্ত্ৰীয়ে গ্ৰাহকৰ লগত জড়িত অভিযোগ চম্ভালা আৰু নিষ্পত্তিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। গ্ৰাহকসকলৰ অভিযোগৰ দ্ৰুত আৰু ফলপ্ৰসূ নিষ্পত্তিৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। বৃহৎ মাত্ৰাত উত্থাপিত অভিযোগৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ৰাহকসকল উপকৃত হ’ব পৰাকৈ প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰে।
প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ড, ওড়িশা, পশ্চিমবংগ, কৰ্ণাটক, তামিলনাডু, কেৰালা, নগালেণ্ড, অসম, মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত নিৰ্মাণৰ কাম চলি থকা ৰে’লৱে, পথ, শক্তি আৰু নবীকৰণযোগ্য খণ্ডকে ধৰি ৯টা আন্তঃগাঁথনিমুলক খণ্ডৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই প্ৰকল্পৰ সামগ্ৰিক ব্যয় ৩০,০০০ কোটি টকাতকৈও অধিক।
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যান যোজনা(PMKKKY)ৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে জিলা খনিজ ফাউণ্ডেচনৰ বাবে আহৰিত ধন বিভিন্ন প্ৰধান উন্নয়নমুলক দিশত ব্যয় কৰিব লাগিব, যিবোৰত জিলাসমূহে সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁ কয় যে এইবোৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব, যাতে ২০২২ চনৰ ভিতৰত অৰ্থাৎ ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকমুহূৰ্তত যাতে সৰ্বাধিক উন্নয়ন সম্ভৱ হয়।
****
AKT/NT/DB
During today’s Pragati Session, we reviewed aspects of addressing consumer grievances, implementation of the Pradhan Mantri Khanij Kshetra Kalyan Yojana and infrastructure projects worth over Rs. 30,000 crore. https://t.co/amG1TlJN3L
— Narendra Modi (@narendramodi) November 22, 2017