পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি-আইচিটি-ভিত্তিক, প্ৰ’-এক্টিভ গৰ্ভানেন্স আৰু টাইমলী ইমপ্লিমেনটেচনৰ উনত্ৰিশতম সন্মিলনত সভাপতিত্ব কৰে৷
প্ৰধানমন্ত্ৰীয়ে টেলিকমিউনিকেচন খণ্ডত উত্থাপিত হোৱা অভিযোগসমূহৰ সমাধান সন্দৰ্ভত পৰ্যালোচনা কৰে৷ তেওঁক এই ক্ষেত্ৰত প্ৰণয়ন কৰা প্ৰযুক্তিৰ সন্দৰ্ভত অৱগত কৰোৱা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে টেলিকম খণ্ডত উত্থাপিত হোৱা সমস্যাসমূহৰ সমাধান শেহতীয়া প্ৰযুক্তি অনুসৰি হ’ব লাগে৷ তেওঁ গ্ৰাহকক সেৱা প্ৰদানকাৰী সংস্থাসমূহে উন্নত পৰ্যায়ৰ সেৱা প্ৰদান কৰা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে৷
২৮তম প্ৰগতি সন্মিলনত প্ৰায় ১১.৭৫ কোটি টকা মুঠ বিনিয়োগৰ সমূহ প্ৰকল্পৰ পৰ্যাৱেক্ষণ কৰা হৈছিল৷ ৰাজহুৱা অভিযোগসমূহো পুনৰীক্ষণ কৰা হৈছিল৷
আজি ২৯তম সন্মিলনত প্ৰধানমন্ত্ৰীয়ে ৰে’লৱে, নগৰ উন্নয়ন, পথ, শক্তি আৰু কয়লা খণ্ডৰ দৰে আঠটা গুৰুত্বপূৰ্ণ খণ্ডৰ অগ্ৰগতিৰ খতিয়ান লয়৷ এই প্ৰকল্পসমূহ বিভিন্ন ৰাজ্য যেনে উত্তৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, ঝাৰখণ্ড, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰণয়ন কৰা হৈছে৷
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনা, বিশেষকৈ জিলা খনিজ ফাউণ্ডেচনৰ কামৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়৷ খনিজাত সম্পদ থকা বিভিন্ন জিলাত এতিয়া উল্লেখযোগ্য পৰিমাণে সংসাধন উপলব্ধতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়াসমূহক পুঁজিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে গুণগত উত্তৰণ আৰু জনসাধাৰণৰ ‘ইজ অৱ লিভিং’ সুনিশ্চিত কৰিবলৈ আহ্বান কৰে৷ তেওঁ এই জিলাসমূহৰ ভিতৰত প্ৰত্যাশী জিলাসমূহকো সামৰি জিলাসমূহৰ উন্নতিৰ ই এটা অপূৰ্ব সুযোগ বুলি মন্তব্য কৰে৷
***
AKT/VJ/SBP/MANN
Joined the 29th Pragati session earlier today. We reviewed aspects relating to telecom, railways, roads, Pradhan Mantri Khanij Kshetra Kalyan Yojana among other issues. Here are the highlights. https://t.co/4BpiqIqpxT pic.twitter.com/Ci1xrTeR5U
— Narendra Modi (@narendramodi) September 26, 2018