Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰতিষ্ঠা দিৱস উপলক্ষে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ দেশৰ প্ৰতি বিএছএফৰ কষ্ট সহিষ্ণুতা আৰু অনবদ্য সেৱা উল্লেখযোগ্য। তেওঁলোকে সীমান্তত থাকি আমাক শত্ৰুৰ লগতে প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনাৰ সময়ত ৰক্ষা কৰে। সীমান্ত সুৰক্ষা বাহিনীক লৈ আমি গৌৰৱান্বিত।”

****

AKT/NT/DB