Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা প্ৰদান

প্ৰধানমন্ত্ৰীক ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা প্ৰদান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫চনৰ ডিচেম্বৰৰ পৰা ইথিঅ’পিয়াত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিক ভ্ৰমণ কৰিছে। আজি আদ্দিছ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত ইথিঅ’পিয়াৰ প্ৰধানমন্ত্ৰী ড আবি আহমেদে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ভাৰত- ইথিঅ’পিয়া অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে আৰু বিশ্ব ৰাজনীতিবিদ হিচাপে তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ইথিঅ’পিয়াৰ সৰ্বোচ্চ বঁটা ‘গ্ৰেট অনৰ নিশান অব্ ইথিঅ’পিয়া’ প্ৰদান কৰে।

 

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বিশ্বৰ অন্যতম প্ৰাচীন সভ্যতাৰ পৰা এই বঁটা গ্ৰহণ কৰাটো তেওঁৰ বাবে এক সন্মানৰ বিষয় আৰু তেওঁ গভীৰ নম্রতা তথা কৃতজ্ঞতাৰে এই বঁটা গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী ডআবি আৰু ইথিঅ’পিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী ডআবিৰ নেতৃত্ব আৰু ৰাষ্ট্ৰীয় একতা, বহনক্ষমতা তথা সামগ্ৰিক উন্নয়নৰ প্ৰসাৰৰ বাবে তেওঁৰ পদক্ষেপৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে জ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এটা শতিকাৰো অধিক সময় ধৰি ইথিঅ’পিয়াৰ প্ৰগতি আৰু উন্নয়নত অৰিহণা যোগোৱাটো ভাৰতীয়সকলৰ এক বিশেষত্ব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে এই বঁটা যুগ যুগ ধৰি দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলা ভাৰতীয় আৰু ইথিঅ’পিয়ান সকললৈ উৎসৰ্গা কৰে আৰু এই সন্মান লাভ কৰাৰ বাবে ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বঁটা প্ৰদান কৰাটোৱে ভাৰত আৰু ইথিঅ’পিয়াৰ মাজত ঘনিষ্ঠ অংশীদাৰিত্ব তথা গোলকীয় দক্ষিণৰ ইতিবাচক কাৰ্যসূচী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ মন্তব্য ইয়াত চাব পাৰিব।[Link

***

MJPS/ST