Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক নিউ জাৰ্ছিৰ ৰাজ্যপাল ফিলিপ ডি. মাৰ্ফীৰ সাক্ষাৎ


আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছিৰ ৰাজ্যপাল ফিলিপ ডি. মাৰ্ফীয়ে তেওঁৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্ৰমণলৈ অহাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক স্বাগতম জনায়৷ ৰাজ্যপাল মাৰ্ফীয়ে দিল্লীৰ উপৰিও আগ্ৰা, মুম্বাই, হায়দৰাবাদ আৰু আহমেদাবাদো ভ্ৰমণ কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যপালগৰাকীৰ নিউ জাৰ্ছি আৰু ভাৰতৰ মাজত বাণিজ্যিক তথা জনসাধাৰণৰ মাজত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যক আদৰণি জনায় আৰু নিউ জাৰ্ছিক ভাৰতীয় ৰাজ্যসমূহৰ সহযোগিতা প্ৰদান কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে৷

ৰাজ্যপাল মাৰ্ফীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ভাৰতৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ তেওঁৰ অগ্ৰাধিকাৰসমূহ বৰ্ণনা কৰে আৰু ভাৰকৰ সৈতে শক্তিশালী সম্পৰ্ক স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ভাৰত আৰু নিউ জাৰ্ছিৰ মাজৰ সাদৃশ্যতাসমূহৰ বিষয়ে মন্তব্য কৰি তেওঁ ভাৰতত উপস্থিত হোৱাৰ পিছত পৰিলক্ষিত কৰা দেশৰ বিভিন্ন বৈচিত্ৰতাৰ সমাহাৰৰ বিষয়ে উল্লেখ কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে নিউ জাৰ্ছিত আমেৰিকাৰ ভিতৰত ভাৰতীয়-আমেৰিকান জনসাধাৰণৰ সৰ্বাধিক ঘনত্বত সন্তোষ প্ৰকাশ কৰি কয় যে নিউ জাৰ্ছি ভাৰতৰ বাণিজ্য আৰু বিনিয়োগৰ শীৰ্ষ লক্ষ্যস্থানলৈ উপনীত হৈছে৷ দুয়োগৰাকী নেতাই এছ টি ই এমত সহযোগিতা তথা উচ্চ শিক্ষাৰ গুৰুত্বৰ পোষকতা কৰে৷

নিউ জাৰ্ছিত ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ কল্যাণৰ বাবে ৰাজ্যপালগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷

*******

VRRK/VJ/AK/MANN