Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ


অ’মান-ভাৰত যুটীয়া ব্যৱসায়িক পৰিষদৰ সদস্যৰ অন্তৰ্গত অ’মানৰ ৩০ জনীয়া উদীয়মান ব্যৱসায়িক মুৰব্বীৰ এটা দলে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰক সাক্ষাৎ কৰে।

তেওঁলোকে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া ইতিহাস আৰু সামূদ্ৰিক বাণিজ্য সংক্ৰান্তীয় দিশবোৰ আলোচনা কৰে।

আলোচনা কালত প্ৰধানমন্ত্ৰী দুয়ো দেশৰ মাজত শক্তি নিৰাপত্তা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত সহযোহিতাৰ পৰিসৰ বৃদ্ধিৰ বিষয়টো আলোকপাত কৰে। তেওঁ লগতে অ’মানৰ ছুলতানৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

***

AKT/HS/SK/DB