পি এম ইণ্ডিয়া

এমইডিইএফ(মুভমেণ্ট দ্য এণ্টাৰপ্ৰাইজ দ্য ফ্ৰান্স)ৰ অধ্যক্ষ শ্ৰী পিয়েৰ গাটাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনৰ এপ্ৰিলত তেওঁৰ ফ্ৰান্স ভ্ৰমণৰ কথা সোঁৱৰাৰ লগতে সেই সময়ত ফ্ৰান্সৰ একাংশ ব্যৱসায়িক নেতৃত্বৰ সৈতে কৰা বাৰ্তালাপ আৰু বিগত সময়ছোৱাত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অমুল্য বৰঙণিৰ কথাও উল্লেখ কৰে।
শ্ৰী গাটাইও প্ৰধানমন্ত্ৰীক ভাৰত আৰু ফ্ৰান্সৰ মাজৰ বাণিজ্য আৰু বিনিয়োগৰ উন্নয়ন সন্দৰ্ভত অৱগত কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতত বিদেশী প্ৰত্যক্ষ বিনিয়োগ কৰা দেশসমূহৰ ভিতৰত ফ্ৰান্স শীৰ্ষ ১০ৰ অন্তৰ্গত। তেওঁ লগতে ফ্ৰান্সৰ কোম্পানীসমূহক ভাৰতৰ ক্ৰমৱৰ্ধমান ব্যৱসায়িক পৰিৱেশ আৰু বিকাশশীল বিনিয়োগৰ সূযোগ ল’বলৈ আহ্বান জনায়।
******
AKT/NT/DB
Discussed boosting economic cooperation between India and France with Mr. @PierreGattaz, President of @medef. https://t.co/5IRzwfMMRE
— Narendra Modi (@narendramodi) September 26, 2017