Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মাৰ্কিন প্ৰতিৰক্ষা সচিব জেমছ মেটিছৰ


মাৰ্কিন প্ৰতিৰক্ষা সচিব জেমছ মেটিছে আজি আবেলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ জুন মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বিস্তৃত, স্পষ্ট আৰু ফলপ্ৰসূ আলোচনাৰ সন্দৰ্ভতো দোঁহাৰে। দুয়ো পক্ষই নিজৰ নিজৰ শক্তিশালী কৌশলগত সহযোগিতাক আৰু অধিক বিকাশ ঘটোৱাৰ বাবে সংকল্প লয়। সচিব মেটিছে দ্বিপাক্ষিক বিষয়সমূহৰ অগ্ৰগতিৰ লগতে সেই ভ্ৰমণকালত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে।

দুয়োগৰাকী নেতাই শান্তি, সুস্থিৰতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিক সহযোগিতা বৃদ্ধিৰ প্ৰসংগত আঞ্চলিক আৰু বৈশ্বিক পৰ্যায়ত আলোচনা কৰে।

দুয়োখন দেশে আঞ্চলিক আৰু বৈশ্বিক পৰ্যায়ত পাৰস্পৰিক স্বাৰ্থজড়িত দিশত ঘনিষ্ঠ সম্পৰ্কৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

*****

AKT/NT/DB