Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ


 

ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহামহিম জীন-ভেছ লে ড্ৰায়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ষ্ট্ৰছবাৰ্গত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পীড়িতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত ভাৰতে সদায় ফ্ৰান্সৰ কাষত থিয় দিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২০১৮ৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতি মেক্ৰ’ৰ ভাৰত ভ্ৰমণৰ লগতে কিছুদিন পূৰ্বে আৰ্জেণ্টিনাত জি২০ সন্মিলনৰ সমান্তৰালভাৱে হোৱা বাৰ্তালাপৰ কথা দোঁহাৰে৷

শ্ৰীযুত লে ড্ৰায়াই প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক সম্পৰ্কৰ শেহতীয়া উন্নয়ন তথা আঞ্চলিক আৰু বিশ্বৰ সমস্যা সন্দৰ্ভত ফ্ৰান্সৰ দৃষ্টিভংগীৰ সন্দৰ্ভত সংক্ষেপে সদৰি কৰে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা, মহাকাশ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, সামূদ্ৰিক নিৰাপত্তা আৰু অসমাৰিক আণৱিক সহযোগিতাকে ধৰি সকলো স্তৰতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা বিষয়টোৰ আদৰণি জনায়৷

*****

AKT/KP/DB