Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টি20 বিশ্বকাপ জয় কৰাত ভাৰতীয় ক্ৰিকেট টীমক অভিনন্দন জনায়।

তেওঁ এটা ভিডিঅ’ পোষ্ট কৰি কয় যে সমগ্ৰ দেশ টীমৰ এই প্ৰাপ্তিক লৈ গৌৰৱান্বিত। সমগ্ৰ দেশে টীমৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। লগতে তেওঁ কয় যে টীমে প্ৰতিখন মেচত জয়লাভ কৰি এই টুৰ্ণামেণ্টক অধিক ৰোমাঞ্চকৰ কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“চেম্পিয়নছ!

আমাৰ টীমে চমকপ্ৰদ ৰূপত টী20 বিশ্বকাপ জয় কৰি আনিলে!

আমি ভাৰতীয় ক্ৰিকেট টীমক লৈ গৌৰৱান্বিত।

এই মেচ ঐতিহাসিক আছিল।”

**********

DS/RT