Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা সময়ৰ আহ্বান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃঢ়তাৰে কয় যে ভাৰতীয় গণতন্ত্ৰক  অধিক সজীৱ আৰু অংশগ্ৰহণমূলক কৰি তুলিবলৈ বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাটো সময়ৰ আহ্বান।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সংৰক্ষণৰ ব্যৱস্থা কৰাত যিমানে  পলম হ’ব সিমানেই সেয়া দুৰ্ভাগ্যজনক কথা হ’ব। শ্ৰী মোদীয়ে লগতে শেহতীয়াকৈ প্ৰকাশিত এটা   প্ৰবন্ধৰ জৰিয়তে বিষয়টো সন্দৰ্ভত তেওঁৰ চিন্তা আৰু দৃষ্টিভংগী ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

“বিধায়িনী সংস্থাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা  কৰাটো সময়ৰ আহ্বান! ইয়াৰ দ্বাৰা আমাৰ গণতন্ত্ৰ আৰু অধিক সজীৱ তথা অংশগ্ৰহণমূলক হ’ব। এই সংৰক্ষণৰ ব্যৱস্থা  কৰাত যিমানে  পলম হ’ব সিমানে সেয়া  দুৰ্ভাগ্যজনক কথা হ’ব। এই বিষয়টো সন্দৰ্ভত  মোৰ চিন্তাধাৰা এই অপ-এড প্ৰৱন্ধত প্ৰকাশ কৰিলোঁ।”

 

***

MJPS/PRK/DM