Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত জনসাধাৰণ আৰু চৰকাৰক অভিনন্দন জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত দেশখনৰ জনসাধাৰণ তথা চৰকাৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নেপালৰ জনসাধাৰণে নিজস্ব গণতান্ত্ৰিক অধিকাৰক পৰম উদ্যমেৰে সাব্যস্ত কৰাটো উৎসাহজনক কথা। তেওঁ এই সফল নিৰ্বাচনক নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি আৰু গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে আৰু কয় যে এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰত নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি উমৈহতীয়া শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হোৱাৰ অংগীকাৰত অটল হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“মই নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত দেশখনৰ জনসাধাৰণ তথা চৰকাৰক অভিনন্দন জনাইছো। মোৰ নেপালী ভাই-ভনীসকলে নিজস্ব গণতান্ত্ৰিক অধিকাৰক পৰম উদ্যমেৰে সাব্যস্ত কৰাটো উৎসাহজনক কথা।

এই সফল নিৰ্বাচন নেপালৰ গণতান্ত্ৰিক যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি আৰু গৌৰৱৰ মুহূৰ্ত।

এক ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশী হিচাপে ভাৰত নেপালৰ জনসাধাৰণ আৰু নতুন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি উমৈহতীয়া শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হোৱাৰ অংগীকাৰত অটল হৈ আছে।”

*****************

MJPS/ST/SB