Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য দালাই লামাক তেওঁৰ ৯০ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য  দালাই লামাক তেওঁৰ ৯০ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে:

 

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পৰম পূজ্য  দালাই লামাক তেওঁৰ ৯০ সংখ্যক জন্মদিন উপলক্ষে্য উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে পৰম পূজ্য দালাই লামা প্ৰেম, কৰুণা, ধৈৰ্য্য আৰু নৈতিক অনুশাসনৰ চিৰস্থায়ী প্ৰতীক হিচাবে পৰিগণিত হৈ আহিছে। তেওঁৰ বাৰ্তাই সকলো ধৰ্মৰ মাজত সন্মান তথা প্ৰশংসনীয় প্ৰেৰণা যোগাইছে বুলিও শ্ৰী মোদীয়ে আৰু কয়।

 

এক্সত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

 

“মই ১.৪ বিলিয়ন ভাৰতীয়ৰ সৈতে পৰম পূজ্য  দালাই লামাৰ ৯০ সংখ্যক জন্মদিনত আমাৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছো।পৰম পূজ্য দালাই লামা  প্ৰেম, কৰুণা, ধৈৰ্য্য আৰু নৈতিক অনুশাসনৰ চিৰস্থায়ী প্ৰতীক হৈ আহিছে। তেওঁৰ বাৰ্তাই সকলো ধৰ্মৰ মাজত সন্মান তথা প্ৰেৰণা যোগাইছে । তেওঁৰ  সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে আমি প্ৰাৰ্থনা কৰিছো।”

@DalaiLama”

 

 

****

MJPS/ST/DM