Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে বিশ্বাসযোগ্য এআই, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ত মিষ্ট্ৰেল এআইৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্থাৰ মেনছৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্ত্ৰীয়ে বিশ্বাসযোগ্য এআই, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিষয়ত মিষ্ট্ৰেল এআইৰ মুখ্য কাৰ্যবাহী বিষয়া আৰ্থাৰ মেনছৰ সৈতে মত বিনিময় কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিষ্ট্ৰল এআইৰ মুখ্য কাৰ্যবাহী বিষয়া  আৰ্থাৰ মেনছৰ সৈতে বিৱৰ্তনশীল বিশ্ব এআইৰ পৰিৱেশৰ বিষয়ত  এক অন্তৰ্দৃষ্টিসম্পন্ন আলোচনাত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত কয় যে বিশ্বাসযোগ্য এআই, উদ্ভাৱন আৰু এআই মানৱকেন্দ্ৰিক আৰু সৰ্বাংগীন হৈ থকাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  মত বিনিময় কৰা হয়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই আলোচনাত এআইৰ সৈতে জড়িত বিভিন্ন দিশত ভাৰতত অংশীদাৰিত্বৰ সম্ভাৱনাৰ দিশসমূহো  সামৰি লোৱা হয় । প্ৰধানমন্ত্ৰীয়ে  কয় যে ভাৰতে উদ্ভাৱন, বিশ্বাস আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ ঘটাই মানৱতাক সবল কৰি তোলা এআই সমাধান বিকশিত কৰাৰ বাবে দায়বদ্ধ হৈ আছে।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত এনেদৰে  কৈছে;

‘মিষ্ট্ৰেল এআইৰ আৰ্থাৰ মেনছৰ সৈতে বিকশিত বিশ্ব এআই পৰিৱেশৰ বিষয়ত  এক অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা অনুষ্ঠিত কৰিলোঁ।বিশ্বাসযোগ্য এআই, উদ্ভাৱন আৰু এআই যাতে মানৱকেন্দ্ৰিক আৰু অন্তৰ্ভুক্ত হৈ থাকে তাৰ প্ৰয়োজনীয়তাৰ বিষয়ত মত  বিনিময় কৰে।

এআইৰ সৈতে জড়িত বিভিন্ন দিশত ভাৰতত অংশীদাৰিত্বৰ সম্ভাৱনাৰ বিষয়েও  আলোচনা কৰা হয়। ভাৰতে উদ্ভাৱন, বিশ্বাস আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ ঘটাই মানৱতাক শক্তিশালী কৰা এআই সমাধান বিকশিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

 

@arthurmensch

@MistralAI”

 

***

MJPS/SS/ST/DM