পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণে লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।শ্ৰী চি. পি. ৰাধাকৃষ্ণণে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বিকাশৰ কাহিনীয়ে ‘নীল বিপ্লৱ’কো সফলতাৰ আন এক কাহিনীলৈ পৰিণত কৰিছে।প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে যে ভাৰতে এতিয়া নিজৰ সাগৰীয় সম্পদৰ সম্ভাৱনা মুকলি কৰাৰ বাবে দেশৰ উপকূলৰ সীমা অতিক্ৰম কৰি অধিক বিস্তৃতভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। বহনক্ষম মৎস্য পালনে উপকূলীয় সম্প্ৰদায়, যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে আৰু ইয়াৰ ফলত ভাৰতৰ উপকূলীয় অঞ্চলসমূহৰ অৰ্থনৈতিক জীৱন অধিক শক্তিশালী হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—
“উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণণৰ এটা অতি গুৰুত্বপূৰ্ণ পঢ়িবলগীয়া প্ৰৱন্ধ, য’ত তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বিকাশৰ কাহিনীয়ে ‘নীল বিপ্লৱ’কো সফলতাৰ আন এক কাহিনীত পৰিণত কৰিছে।
তেওঁ কয় যে ভাৰতে এতিয়া নিজৰ সাগৰীয় সম্পদৰ সম্ভাৱনা মুকলি কৰাৰ বাবে উপকূলৰ সীমা অতিক্ৰম কৰি অধিক বিস্তৃতভাৱে আগবাঢ়িছে। বহনক্ষম মৎস্য পালনে উপকূলীয় সম্প্ৰদায়, যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। ইয়াৰ ফলত ভাৰতৰ উপকূলীয় অঞ্চলসমূহৰ অৰ্থনৈতিক জীৱনো অধিক শক্তিশালী হৈছে।”
***
MJPS/SS/VJ/DM
A must-read article by @VPIndia Thiru @CPR_VP, in which he writes that under PM @narendramodi's leadership, Bharat's growth story is making the Blue Revolution another success story.
— PMO India (@PMOIndia) September 17, 2026
He says India is now looking beyond its shores to unlock its marine wealth. Sustainable… pic.twitter.com/XyGGlkZWJ8