Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি আৰু ইয়াৰ ফলত হ’ব পৰা লাভৰ বিষয়ে লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পীযুষ গোৱেলে লিখা এটা লেখা শ্বেয়াৰ কৰিছে।

প্ৰবন্ধটোত বিশদভাৱে উল্লেখ কৰা হৈছে যে ভাৰত–নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানিৰ ক্ষেত্ৰত শুল্ক আঁতৰাই শ্ৰম নিবিড় খণ্ডসমূহক উন্নীত কৰিব আৰু এম এছ এম ইসমূহক শক্তিশালী কৰিব। একে সময়তে কৃষি আৰু দুগ্ধ উৎপাদনৰ দৰে খণ্ডসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখাটো  নিশ্চিত কৰিব। ইয়াত লগতে  উল্লেখ কৰা হৈছে যে এই চুক্তিখনে ছাত্ৰ-ছাত্ৰী আৰু দক্ষ পেছাদাৰীসকলৰ বাবে সুযোগৰ সম্প্ৰসাৰণ ঘটোৱাৰ লগতে কৃষি উৎপাদনশীলতা তথা বিনিয়োগৰ প্ৰতিশ্ৰুতিকো  সমৰ্থন আগবঢ়াব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোৱেলে বিশদভাৱে উল্লেখ কৰিছে  যে ভাৰত-নিউজিলেণ্ডৰ মুক্ত বাণিজ্য চুক্তিয়ে  ভাৰতীয় ৰপ্তানিৰ ক্ষেত্ৰত  শুল্ক আঁতৰাই, শ্ৰম নিবিড় খণ্ডসমূহৰ বিকাশ আৰু এমএছএমইসমূহক শক্তিশালী কৰাৰ লগতে কৃষি তথা দুগ্ধ উৎপাদনৰ দৰে খণ্ডসমূহ যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে সেয়া নিশ্চিত কৰিব।মুক্ত বাণিজ্য চুক্তিয়ে কৃষি উৎপাদনশীলতা আৰু বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ সমৰ্থনৰ সমান্তৰালভাৱে ছাত্ৰ তথা  দক্ষ পেছাদাৰীসকলৰ বাবেও সুযোগৰ  সম্প্ৰসাৰণ ঘটাব।”

 

 

********

MJPS/VJ/DM