পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰই ১৫৭ টা শিল্পকলা ও পুৰাতন কীৰ্তি হস্তান্তৰ কৰে। প্ৰধানমন্ত্ৰীয়ে যুক্তৰাষ্ট্ৰৰদ্বাৰা ভাৰতলৈ পুৰাতন কীৰ্তিৰাজিৰ প্ৰত্যাৱৰ্তনৰ বাবে উচ্চ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদী ও ৰাষ্ট্ৰপতি বাইডেনে সাংস্কৃতিক সম্ভাৰৰাজিৰ চুৰি, অবৈধ ব্যৱসায় আৰু সৰবৰাহ ৰোধ কৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টা সুদৃঢ়কৰণৰ অৰ্থে অংগীকাৰবদ্ধ।
১৫৭ টা শিল্পকলাৰ তালিকাত আছে ১০ম চিইৰ বালুশিলাৰ ৰেৱন্তৰ ডেৰ মিটাৰ বেছ ৰিলিফ পেনেলৰপৰা দ্বাদশ চিইৰ ৮.৫ চেমি ওখ, মনোৰম ব্ৰঞ্জৰ নটৰাজলৈকে এক বৈচিত্ৰ্যপূৰ্ণ সম্ভাৰ। এই সামগ্ৰীসমূহ মুখ্যতঃ ১১ চিইৰপৰা ১৪ চিইৰ সময়ৰ তথা একেদৰে ২০০০ খ্ৰীষ্টপূৰ্বৰ তামৰ নৃতাত্ত্বিক সম্ভাৰ বা ২য় চিইৰ টেৰাকোটা ফুলদানিৰ দৰে ঐতিহাসিক পুৰাতন কীর্তি। প্ৰায় ৪৫ টা পুৰাতন কীর্তি সাধাৰণ যুগৰ পূৰ্বৰ।
শিল্পকলাৰাজিৰ আধা (৭১) সাংস্কৃতিক হোৱাৰ বিপৰীতে বাকী অৰ্ধাংশত আছে হিন্দু ধৰ্ম (৬০), বৌদ্ধ ধৰ্ম (১৬) আৰু জৈন ধৰ্ম (৯)ৰে সম্পৰ্কীয় মূৰ্তি।
এইসমূহ ধাতু, শিল আৰু টেৰাকোটাৰে নিৰ্মিত। ব্ৰঞ্জৰ সংগ্ৰহত মূলতঃ লক্ষ্মী নাৰায়ণ, বুদ্ধ, বিষ্ণু, শিৱ-পাৰ্বতী আৰু ২৪ জৈন তীৰ্থঙ্কৰা আৰু কম পৰিচিত কংকলামূৰ্তি, ব্ৰাহ্মী আৰু নন্দিকেশৰ লগতে আন অনামী দেৱতা আৰু ঐশ্বৰিক ব্যক্তিত্বৰ সুপৰিচিত ভঙ্গীৰ অলংকৃত মূৰ্তি আছে।
মূৰ্তিসমূহৰ ভিতৰত আছে হিন্দু ধৰ্মৰ ধৰ্মীয় ভাস্কৰ্য্য (তিনিমূৰীয়া ব্ৰহ্মা, ৰথ চালনা কৰা সূৰ্য্য, বিষ্ণু আৰু তেওঁৰ সঙ্গী, দক্ষিণমূৰ্তি হিচাপে শিৱ, নৃত্যৰত গণেশ আদি), বৌদ্ধ ধৰ্ম (থিয় হৈ থকা বুদ্ধ, বোধিসত্ত্ব মজুশ্ৰী, তাৰা) আৰু জৈন ধৰ্ম (জৈন তীৰ্থঙ্কৰা, পদ্মাসনত তীৰ্থঙ্কৰা, জৈনা চৌবিচি)ৰ লগতে ধৰ্মনিৰপেক্ষ মূৰ্তি (সমাভাং, চৌৰী বাহক, ড্ৰাম বজোৱা মহিলা আদি)।
ইয়াত ৫৬ টেৰাকোটাৰ সামগ্ৰী আছে (২য় চিইৰ ফুলদানি, ১২ চিইৰ হৰিণৰ যোৰ, ১৪ চিইৰ নাৰীৰ আবক্ষ মূর্তি আৰু পাৰ্চী ভাষাত গুৰু হৰগোবিন্দ সিঙৰ নাম উল্লেখ থকা শিলালিপিৰ সৈতে ১৮ চিইৰ খাপৰ সৈতে এখন তৰোৱাল)।
মোদী চৰকাৰখনে সমগ্ৰ বিশ্বৰপৰা আমাৰ পুৰাতন কীৰ্তি ও শিল্পকলাৰাজি ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
****
DS/AKJ/AK/SB