Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ১৯ ছেপ্টেম্বৰত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত পুৱা প্ৰায় ১০ বজাত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব।

২০২৬ চনৰ ১৯ আৰু ২০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ইয়াত পৰিবেশ বিশেষজ্ঞ, ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, জিলা ন্যায়ালয়ৰ ন্যায়াধীশ, বিভিন্ন মন্ত্ৰালয়ৰ সচিব, জ্যেষ্ঠ চৰকাৰী বিষয়া, ৰাজ্যিক ন্যায়িক একাডেমী, ৰাজ্যিক আইনী সেৱা কৰ্তৃপক্ষ, ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতি (এছইএছচি), ৰাজ্যিক পৰিবেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ (এছইআইএএ), ৰাজ্যিক জলাশয় কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিব। তদুপৰি ই ১৭ খন দেশৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিসকলক একত্ৰিত কৰিব।

সন্মিলনখনে ন্যায়িক দৃষ্টিভংগী, বৈজ্ঞানিক জ্ঞান, পৰিবেশ প্ৰশাসনৰ অনুশীলন আৰু অধিকাৰক্ষেত্ৰত প্ৰাতিষ্ঠানিক অভিজ্ঞতাৰ আদান-প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। ই নীতি প্ৰস্তুতকৰণ, ৰূপায়ণ আৰু প্ৰয়োগৰ ব্যৱধানকে ধৰি গুৰুত্বপূৰ্ণ পৰিবেশ আৰু জলবায়ু প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনাৰ সুবিধা প্ৰদান কৰিব আৰু পৰিবেশ প্ৰশাসন তথা প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব।

 

****

MJPS/SS/PRK/NB