পি এম ইণ্ডিয়া
ভাৰতৰ লোকসভা নিৰ্বাচনত ব্যাপক ফলাফল প্ৰদৰ্শনেৰে বিজয়ী হোৱাৰ পিছতেই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শুভেচ্ছাসূচক ফোনকল কৰি অভিনন্দন জ্ঞাপন কৰে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়েও প্ৰধানমন্ত্ৰী অ’লীক তেওঁৰ উষ্ম অভিনন্দনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে ভাৰত-নেপাল বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ভেটি শক্তিশালী কৰি ৰখাৰ বাবে ভাৰতৰ প্ৰতিজ্ঞাবদ্ধতা সদায়েই থাকিব বুলিও উল্লেখ কৰে।
দুয়োখন দেশৰ মাজতেই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত ব্যাপক অগ্ৰগতিৰ ক্ষেত্ৰত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰে আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক গাঢ় কৰি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ পোষকতা কৰে আৰু লগতে দুয়োখন দেশেই অনাগত সময়ছোৱাত বহুমুখী দ্বিপাক্ষিক সম্পৰ্কবোৰ আৰু গভীৰ কৰাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিজ্ঞা কৰে।
****
AKT/NK/RD
Thank you PM @kpsharmaoli for your warm wishes. Nepal and India have been close friends and neighbours since time immemorial, nurtured by our strong people-to-people bonds. I look forward to continue working with you to take India-Nepal relationship to ever greater heights. https://t.co/ySA7gtzVu2
— Narendra Modi (@narendramodi) May 23, 2019