Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আজি পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন কৰিব


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৪ বজাত পঞ্চম ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ উদ্বোধন কৰিব৷ কলকাতাত অনুষ্ঠিত মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত তেওঁ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাষণ আগবঢ়াব৷

এই মহোৎসৱ আয়োজনৰ মুখ্য উদ্দেশ্য হ’ল জনসাধাৰণৰ মাজত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ বীজ ৰোপন কৰা, বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত ভাৰতৰ অৱদানৰ প্ৰদৰ্শন আৰু সমাজ-জীৱনত বিজ্ঞানৰ উপযোগিতা প্ৰসাৰ কৰা৷

মহোৎসৱৰ মূল বিষয়বস্তু হ’ল—ৰাইজেন ইণ্ডিয়া অৰ্থাৎ উদিত ভাৰত৷ এই ৰাইজেন শব্দৰ অৰ্থ হ’ল—ৰিচাৰ্জ(গৱেষণা), ইন’ভেচন(নতুন উদ্ভাৱন) আৰু ছাইন্স এমপাৱাৰিং দ্য নেচন(বিজ্ঞানে দেশখন সৱল কৰিছে)৷

*****

VRRK/KP/MS