পি এম ইণ্ডিয়া
সোমবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুস্মান ভাৰতৰ অন্তৰ্গত অভিলাসী স্বাস্থ্য নিশ্চিতকৰণ কাৰ্যসূচীৰ মুকলিৰ প্ৰস্তুতিৰ উত্তৰণ পুনৰীক্ষণ কৰে৷
স্বাস্থ্য নিশ্চিতকৰণ কাৰ্যসূচীৰ সুচাৰু আৰু ত্বৰিত প্ৰণয়নৰ বাবে ৰাজ্যৰ সৈতে পৰামৰ্শ সহিতে প্ৰধানমন্ত্ৰীক এই পৰ্যন্ত প্ৰস্তুতিসমূহৰ বিষয়ে অৱগত কৰা হৈছিল৷
এই আঁচনিয়ে প্ৰতিঘৰ পৰিয়াললৈ ৫ লাখ টকা পৰ্যন্ত সুৰক্ষা প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে ১০ কোটি দাৰিদ্ৰ তথা বঞ্চিত পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত সমাজৰ দাৰিদ্ৰ তথা প্ৰান্তঃৱৰ্তী অংশটোক সৰ্বাধিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উচ্চ বিষয়া বৰ্গ, নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই আঁচনিৰ বিভিন্ন প্ৰত্যাশাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে৷
যোৱা মাহত আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুস্মান ভাৰতৰ অধীনত ছট্টিশগড়ৰ বিজাপুৰ জিলাত প্ৰথমটো ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ মুকলি কৰিছিল৷
*****
AKT/KP/SK/MANN
Chaired a high-level meeting to review the progress on the Health Assurance programme under Ayushman Bharat. Reviewed the preparations including consultation with states for a smooth rollout of the programme. https://t.co/aifdf7xzfh
— Narendra Modi (@narendramodi) May 7, 2018
The aim of Ayushman Bharat is to provide maximum benefit to the poor and marginalised, and work towards a healthy India. This programme will bring a positive difference in the lives of 50 crore Indians.
— Narendra Modi (@narendramodi) May 7, 2018