Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০১৮ত নতুন দিল্লীত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ মুখ্য কাৰ্যালয়ৰ ভৱন উদ্বোধন কৰিব।

নতুন মুখ্য কাৰ্যালয়টো শক্তি সক্ষম পোহৰ আৰু বৰষুণৰ পানী সংগ্ৰহকে ধৰি অত্যাধূনিক সা-সুবিধাৰে সু-সজ্জিতকৈ নিৰ্মাণ কৰা হৈছে। এই কাৰ্যালয়টোত ১.৫ লাখ গ্ৰন্থ আৰু আলোচনী ৰাখিব পৰাকৈ এটা কেন্দ্ৰীয় প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ো থাকিব।

***

AKT/HS/DB