Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ভ্ৰমণ কৰিব দাদৰ আৰু নগৰ হাফেলী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ১৯ জানুৱাৰী, ২০১৯ তাৰিখে দাদৰ আৰু নগৰ হাফেলীৰ ৰাজধানী শিলভাছাত উপস্থিত হ’ব।

এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীয়ে দাদৰ আৰু নগৰ হাফেলীৰ ছেইলীত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ লগতে দমন আৰু ডিউত আৰু দাদৰ আৰু নগৰ হাফেলীত ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধনৰ বাবে আধাৰশিলা মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে এম-আৰোগ্য শীৰ্ষক এটা এপ্পো মুকলি কৰিব, তদুপৰি দাদৰ আৰু নগৰ হাফেলীত ডিজিটেলযোগ ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ, গোটা আৱৰ্জনাৰ পৃথকীকৰণ আৰু সংসাধন প্ৰক্ৰিয়া এটাও মুকলি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ তথ্য-প্ৰযুক্তি নীতিও প্ৰকাশ কৰিব এই ভ্ৰমণকালতে।

তেওঁ ইয়াতেই প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ প্ৰমাণপত্ৰ আৰু বন অধিকাৰ পত্ৰও ভালেমান হিতাধিকাৰীৰ মাজত বিতৰণ কৰিব।

উল্লেখ্য যে শিলভাছাত স্থাপন কৰিবলগীয়া এই চিকিৎসা মহাবিদ্যালয়খনে দাদৰ আৰু নগৰ হাফেলীৰ লগতে দমন আৰু ডিউ আৰু ইয়াৰ নিকটৱৰ্তী এলেকাবোৰতো হাওঁফাঁও সংক্ৰান্তীয় চিকিৎসাৰ মানদণ্ড উন্নত কৰি তুলিব। এই চিকিৎসা মহাবিদ্যালয়ে এই দুয়োখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষাৰ্থীসকলক, বিশেষকৈ জনজাতি আৰু গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলক বিশেষভাৱে লাভৱান্বিত কৰিব। ই চিকিৎসকৰ উপলব্ধতা আৰু শিক্ষাৰ্থীসকলৰ বাবে চিকিৎসা বিজ্ঞান শিক্ষাৰ পৰিবৰ্ধন আনিব। এই চিকিৎসা মহাবিদ্যালয় আৰু মেডিকেল আৰু পেৰা-মেডিকেল কলেজৰ ছাত্ৰনিবাস আৰু আবাসিক এলেকা নিৰ্মাণৰ বাবে ২১০ কোটি টকা ধাৰ্য কৰা হৈছে।

***

AKT/KP/SBP/RD