পি এম ইণ্ডিয়া

২৪ ছেপ্টেম্বৰ ২০১৯ তাৰিখে বিল আৰু মেলিণ্ডা গেটছ্ ফাউণ্ডেচনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক স্বচ্ছ ভাৰত অভিযানৰ বাবে ‘গ্ল’বেল গ’লকীপাৰ’ বঁটাৰে সন্মানিত কৰে৷ এই বঁটা প্ৰদান অনুষ্ঠান নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (ইউ এন জি এ)ৰ পাৰ্শ্বৱৰ্তী সময়ত অনুষ্ঠিত কৰা হয়৷
প্ৰধানমন্ত্ৰীয়ে উক্ত বঁটাটো স্বচ্ছ ভাৰত অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰা তথা ইয়াক নিজৰ দৈনন্দিন জীৱনৰ অংশ কৰি লোৱা ভাৰতীয় সকলৰ প্ৰতি উৎসৰ্গিত কৰে৷
‘‘স্বচ্ছ ভাৰত অভিযানৰ এই সফলতা ভাৰতৰ জনসাধাৰণৰ বাবে সম্ভৱ হৈছে৷ তেওঁলোকে ইয়াক নিজৰ আন্দোলনলৈ ৰূপান্তৰিত কৰিছে আৰু ঈপ্সিত লক্ষ্য প্ৰাপ্তিৰ নিশ্চিতি প্ৰদান কৰিছে,’’ প্ৰধানমন্ত্ৰীয়ে বঁটাটো লাভ কৰাৰ পিছত এইদৰে কয়৷
মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তীৰ প্ৰাক্ ক্ষণত বঁটা লাভৰ ঘটনাক ঐতিহাসিক হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৩০ কোটি ভাৰতীয়ই যেতিয়া কোনো শপত গ্ৰহণ কৰে, তেতিয়া যিকোনো প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰিব পৰাৰ প্ৰমাণ হ’ল এই স্বচ্ছ ভাৰত অভিযান৷ তেওঁ কয় ভাৰতে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰত অভিযানৰ সপোন বাস্তৱায়িত কৰিছে৷
‘‘যোৱা পাঁচ বছৰত অভিলেখ সংখ্যক ১১ কোটি টয়লেট নিৰ্মাণ কৰা হৈছে৷ এই অভিযানে দেশৰ দুখীয়া তথা মহিলাসকলক অধিক উপকৃত কৰিছে,’’ প্ৰধানমন্ত্ৰীয়ে এইবুলি মন্তব্য কৰে৷ তাৰোপৰি অনাময় আৰু স্বাস্থ্য উত্তৰণৰ বাবে ১১ কোটি টয়লেটৰ নিৰ্মাণে গাঁওসমূহৰ অৰ্থনীতিও শক্তিশালী কৰিছে, প্ৰধানমন্ত্ৰীয়ে এইবুলিও কয়৷
বিশ্বজনীন অনাময় ব্যাপ্তিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে অন্য ৰাষ্ট্ৰৰ সৈতে নিজৰ অভিজ্ঞতা বিনিময় কৰিবলৈ সাজু যাতে সমগ্ৰ বিশ্বতে সামূহিকভাৱে অনাময় ব্যাপ্তিৰ লক্ষ্য সাধন হয়৷
‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আৰু ‘জল জীৱন অভিযান’ৰ দৰে অভিযানভিত্তিক পদক্ষেপৰ জৰিয়তে প্ৰতিৰোধাত্মক স্বাস্থ্যসেৱাৰ দিশত ভাৰতৰ প্ৰয়াসৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
*******
VRRK/SH/MANN
Thankful to the @gatesfoundation for recognising India’s strides in cleanliness. https://t.co/dfE85tPSvE
— Narendra Modi (@narendramodi) September 25, 2019
I dedicate the Global Goalkeeper Award, conferred by the @gatesfoundation, to the 130 crore people of India and the collective endeavours of our nation to improve cleanliness.
— Narendra Modi (@narendramodi) September 25, 2019
It makes me most happy that India’s successes in sanitation have helped women and children the most. pic.twitter.com/Va4QKMY3tv
The @gatesfoundation has honoured me with the Global Goalkeeper Award at a time when the world is marking Mahatma Gandhi’s 150th birth anniversary and when India has made remarkable progress in fulfilling his dream of a Swachh Bharat. pic.twitter.com/7P2rLQveh1
— Narendra Modi (@narendramodi) September 25, 2019
The success of the Swachh Bharat Mission is due to the people of India. They made this their own movement and ensured the desired results were attained. pic.twitter.com/eVUX46IxUe
— Narendra Modi (@narendramodi) September 25, 2019
India is ready to share best practices with other nations so that we can collectively work to improve global sanitation coverage. pic.twitter.com/yXWbYr1JZO
— Narendra Modi (@narendramodi) September 25, 2019
इसी उम्मीद के साथ बिल एंड मिलिंडा गेट्स फाउंडेशन के तमाम साथियों को, इस अवॉर्ड के लिए और यहां मौजूद बाकी साथियों को फिर से धन्यवाद के साथ मैं अपनी बात समाप्त करता हूं।: PM
— PMO India (@PMOIndia) September 25, 2019