Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে মহানুভৱ ব্যক্তিৰ চিৰস্থায়ী কৃতজ্ঞতা আৰু পৰোপকাৰিতাৰ মহিমা প্ৰতিফলিত কৰা এটা সংস্কৃত সুভাষিতম


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত সুভাষিতম শ্বেয়াৰ কৰে।ইয়াৰ জৰিয়তে নাৰিকল গছ আৰু মহানুভৱ ব্যক্তিৰ মাজত তুলনা দাঙি ধৰি জীৱনজোৰা কৃতজ্ঞতা আৰু নিঃস্বাৰ্থ সেৱাৰ মহৎ গুণসমূহৰ বিষয়ত আলোকপাত কৰা হৈছে।

‘এক্স’ত প্ৰধানমন্ত্ৰীয়ে লিখিছে—

 

“प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नारिकेला नराणाम्।

 

ददति जलमनल्पास्वादमाजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति॥” 

এই শ্লোকৰ অসমীয়া অৰ্থ এনেধৰণৰ:

নাৰিকল গছে জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত লাভ কৰা সামান্য পৰিমাণৰ পানীৰ কথাও সমগ্ৰ জীৱন মনত ৰাখে। মূৰত গধুৰ ভৰ বহন কৰিও ই জীৱনৰ অন্তিম সময়লৈকে মানুহক সুস্বাদু পানী প্ৰদান কৰি থাকে।

ঠিক সেইদৰে প্ৰকৃত মহানুভৱ ব্যক্তিসকলে, বিশেষকৈ যিসকল মহান আত্মাই ত্যাগ স্বীকাৰ কৰি তেওঁলোকৰ বাবে অৱদান আগবঢ়াইছে, সেইসকলৰ উপকাৰ কেতিয়াও পাহৰি নাযায়।তেওঁলোকৰ ত্যাগ, তপস্যা আৰু নিষ্ঠাৰ প্ৰতি গভীৰ কৃতজ্ঞতা পোষণ কৰি মহান ব্যক্তিসকলে নিজৰ জীৱন সেই আদৰ্শৰ সৈতে সংগতিপূৰ্ণ কৰি তোলে।

নিজৰ কৰ্ম আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ মনোভাৱৰ জৰিয়তে তেওঁলোকে সেই উপকাৰৰ প্ৰতি চিৰদিন কৃতজ্ঞ হৈ থাকে।

***

 

MJPS/SS/PRK/DM