Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ইণ্ডিয়া পোষ্টৰ আধুনিক, প্ৰযুক্তিনিৰ্ভৰ আৰু পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠানলৈ ৰূপান্তৰক আলোকপাত কৰি লিখা এটা প্ৰৱন্ধ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে। প্ৰৱন্ধটোত ইণ্ডিয়া পোষ্টে কেনেদৰে আধুনিক, প্ৰযুক্তিনিৰ্ভৰ আৰু পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে সেই বিষয়ে আলোকপাত কৰা হৈছে। প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে যে ইণ্ডিয়া পোষ্টে দেশজুৰি থকা নিজৰ বিস্তৃত পৰিসৰ আৰু সেৱা-নেটৱৰ্কৰ সৈতে লজিষ্টিকছ, বিত্তীয় সেৱা আৰু নাগৰিককেন্দ্ৰিক সেৱাসমূহত ডিজিটেল সক্ষমতাৰ সংযোগ ঘটাইছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত এইদৰে পোষ্ট কৰিছে—

“এই প্ৰবন্ধটোত শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ইণ্ডিয়া পোষ্টৰ আধুনিক, প্ৰযুক্তিনিৰ্ভৰ আৰু পেছাদাৰীভাৱে পৰিচালিত প্ৰতিষ্ঠানলৈ ৰূপান্তৰৰ বিষয়ে আলোকপাত কৰিছে। তেওঁ উল্লেখ কৰিছে যে ইণ্ডিয়া পোষ্টে লজিষ্টিকছ, বিত্তীয় সেৱা আৰু নাগৰিককেন্দ্ৰিক সেৱাসমূহত ডিজিটেল সক্ষমতাৰ সৈতে নিজৰ বিস্তৃত পৰিসৰৰ সংযোগ ঘটাইছে। একে সময়তে, ‘ডাক সেৱা, জন সেৱা’ৰ ভাবনাৰে ইণ্ডিয়া পোষ্টে বিশ্বাসযোগ্য জনসেৱাৰ ভূমিকা অব্যাহত ৰাখিছে।”

 

***

MJPS/SS/VJ/DM