প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰ, ২০২১ৰ দিনৰ প্ৰায় ১ বজাত উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত গংগা এক্সপ্ৰেছ-ৱেৰ আধাৰশিলা স্থাপন কৰিব।
দেশজুৰি দ্ৰুত গতিত কানেক্টিভিটি প্ৰদান কৰা সম্পৰ্কীয় প্ৰধানমন্ত্ৰীৰ ভিজন এক্সপ্ৰেছ-ৱেৰ দ্বাৰা ই অনুপ্ৰাণিত। ৫৯৪ কিলোমিটাৰ দীঘল তথা ছয় লেনৰ এক্সপ্ৰেছ-ৱে ৩৬,২০০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। মেৰঠৰ বিজৌলী গাঁৱৰ ওচৰৰ পৰা আৰম্ভ হৈ এক্সপ্ৰেছ-ৱে প্ৰয়াগৰাজৰ জুদাপুৰ দাণ্ডূ গাঁৱলৈকে যাব। ই মেৰঠ, হাপুড়, বুলন্দশহৰ, অমৰোহা, সম্ভল, বদায়ুঁ, শাহজাহানপুৰ, হৰদোই, উন্নাও, ৰায়বৰেলী,প্ৰতাপগঢ় আৰু প্ৰয়াগৰাজ হৈ পাৰ হ’ব। সম্পূৰ্ণৰূপে নিৰ্মিত হোৱাৰ পিছত, ই ৰাজ্যখনৰ পশ্চিম আৰু পূবৰ ক্ষেত্ৰসমূহক সংযুক্ত কৰা উত্তৰ প্ৰদেশৰ সবাতোকৈ দীৰ্ঘ এক্সপ্ৰেছ-ৱে হ’ব। এক্সপ্ৰেছ-ৱেত শাহজাহানপুৰত ৩.৫ কিলোমিটাৰ দীঘল এয়াৰ ষ্ট্ৰিপ নিৰ্মাণ কৰা হ’ব, যি বায়ু সেনাৰ বিমানক জৰুৰীকালীন উড়ণ আৰু অৱতৰণত সহায় কৰিব। এক্সপ্ৰেছ-ৱেৰ লগতে এক ঔদ্যোগিক কৰিডৰ বনোৱাৰো প্ৰস্তাৱ আছে।
এক্সপ্ৰেছ-ৱেৰ জৰিয়তে ঔদ্যোগিক বিকাশ, বাণিজ্য, কৃষি, পৰ্যটন আদি ক্ষেত্ৰই উদগণি লাভ কৰিব। ইয়াৰ ফলত ক্ষেত্ৰৰ সামাজিক-অৰ্থনৈতিক বিকাশো উৎসাহিত হ’ব।
***
DS/AKJ
At 1 PM today, will be joining the programme in Shahjahanpur to lay the foundation stone for the Ganga Expressway. This is an important infra project that will improve connectivity across UP. It will also boost economic development and tourism. https://t.co/XDbyvXaufJ
— Narendra Modi (@narendramodi) December 18, 2021