পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ অক্টোবৰত গুজৰাটৰ কেৱাড়িয়াত বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি উন্মোচন কৰিব৷
গুজৰাটৰ নৰ্মদা জিলাৰ কেৱাড়িয়াত স্থাপিত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো তেওঁৰ জন্ম জয়ন্তী উপলক্ষে দেশবাসীলৈ উৎসৰ্গা কৰা হ’ব৷
উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৰু আন গণ্য-মান্য ব্যক্তিসকলে ভূমি আৰু নৰ্মদাৰ পানী এটি কলহত ভৰাই ‘ষ্টেচু অৱ ইউনিটী’ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত জনসাধাৰণক সম্বোধনো কৰিব৷
ইয়াৰ পাছতে তেওঁ ৱাল অৱ ইউনিটীত উপস্থিত হ’ব আৰু ইয়াৰ শুভাৰম্ভ কৰিব৷ ষ্টেচু অৱ ইউনিটীৰ চৰণত প্ৰধানমন্ত্ৰীয়ে এক বিশেষ প্ৰাৰ্থনাত অংশ ল’ব৷ লগতে তেওঁ সংগ্ৰহালয়, প্ৰদৰ্শনী আৰু দৰ্শকৰ গেলাৰী পৰিদৰ্শন কৰিব৷ ১৫৩ মিটাৰ উচ্চতাৰ এই গেলাৰীত একেসময়তে ২০০ দৰ্শক একগোট হ’ব পাৰিব৷ ইয়াৰ পৰা পৰ্যটকে চৰ্দাৰ সৰোৱৰ বান্ধ, ইয়াৰ জলাশয়ৰ লগতে ছাটপুৰা আৰু ভিন্ধিয়া পৰ্বতৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব৷
***
AKT/SH/SK/MS
Tomorrow, on the Jayanti of Sardar Patel, the 'Statue of Unity' will be dedicated to the nation.
— Narendra Modi (@narendramodi) October 30, 2018
The statue, which is on the banks of the Narmada is a fitting tribute to the great Sardar Patel. https://t.co/9Z5PHE9uTM pic.twitter.com/6TXMYPaJm6