পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাশ্বীদ আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ নেপালৰ পৰা শেহতীয়া নিৰ্বাচনত জয় লাভ কৰা হেতুকে অভিনন্দনসূচক ফোন কল লাভ কৰে৷
প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘প্ৰথমে ওচৰ চুবুৰীয়া’ শীৰ্ষক তেওঁৰ চৰকাৰী নীতিক দোহাৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীক পূৰ্বে যৌথভাৱে দৰিদ্ৰতা বিমোচনৰ পৰামৰ্শ প্ৰদান কৰা প্ৰতিশ্ৰুতি পুনৰ উল্লেখ কৰে৷ তেওঁ কয় যে অঞ্চলটোত শান্তি আৰু উন্নতিৰ অগ্ৰগতি যাতে অব্যাহত থাকে তাৰবাবে হিংসা তথা সন্ত্ৰাসমুক্ত পৰিবেশৰ প্ৰয়োজন৷
প্ৰাক্তন ৰাষ্ট্ৰপতি নাশ্বীদে প্ৰধানমন্ত্ৰীক ফোন কৰি তেওঁৰ এই ঐতিহাসিক বিজয় উপলক্ষে অভিনন্দন জ্ঞাপন কৰে আৰু মালদ্বীপ তথা ভাৰতৰ সম্পৰ্ক শেহতীয়া সময়ৰ ওপৰত নিৰ্ভৰ কৰিছিল বুলি মন্তব্য কৰে৷ অঞ্চলটোত গোড়া তথা মৌলবাদৰ বিৰুদ্ধে সন্মিলিতভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ মাজত শান্তি, সুৰক্ষা আৰু উন্নতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা প্ৰদানৰ বাবে তেওঁৰ প্ৰতিশ্ৰুতি দোহাৰে৷
প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক বিজয়ত মাধৱ নেপালে অভিনন্দন জ্ঞাপন কৰে৷ ভাৰতৰ উত্থানে সমগ্ৰ অঞ্চলটোলৈ উন্নতি কঢ়িয়াই আনিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে৷ শ্ৰী নেপালৰ উষ্ম সম্ভাষণক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু নেপালৰ ঐতিহাসিক বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য প্ৰকাশ কৰে৷
AKT/KP/MANN