Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ এইমছৰ প্ৰধান প্ৰকল্পসমূহৰ বাবে উচৰ্গা আৰু আধাৰশিলা স্থাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ জুন ২০১৮ তাৰিখে নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰিব৷

তেওঁ এইমছত বয়োবৃদ্ধসকলৰ বাবে ৰাষ্ট্ৰীয় কেন্দ্ৰ আধাৰশিলা স্থাপন কৰিব৷ ই জ্যেষ্ঠ নাগৰিকক মাল্টি-স্পেচিয়েলিটী স্বাস্থ্য সেৱা প্ৰদান কৰিব৷ ইয়াত ২০০খন জেনেৰেল ৱাৰ্ডৰ বিচনা থাকিব৷

এই একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ছাফডাৰজুং চিকিৎসালয়ত ৫৫৫ খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটী ব্ল’ক মুকলি কৰিব৷ ইয়াৰোপৰি তেওঁ এই ছাফডাৰজুং চিকিৎসালয়ৰ ৫৫৫ খন বিচনাযুক্ত নতুন জৰুৰীকালীন ব্ল’ক, এইমছত ৩০০ খন বিচনাযুক্ত পাৱাৰগ্ৰীড বিশ্ৰাম সদন আৰু এইমছ, আনছাৰি নগৰ আৰু ট্ৰ’মা চেণ্টাৰৰ মাজত কানেকচন ম’ট’ৰেবল টানেল উৎসৰ্গিত কৰিব৷

***

AKT/VJ/SBP/MANN